মল্লযুঁজাৰুৰ সমৰ্থনত, ব্ৰীজ ভূষণৰ গ্ৰেপ্তাৰৰ দাবীৰে বন্ধ ঘোষণা...
মল্লযুঁজাৰুৰ সমৰ্থনত, ব্ৰীজ ভূষণৰ গ্ৰেপ্তাৰৰ দাবীৰে বন্ধ ঘোষণা... 
ৰাষ্ট্ৰীয়

মল্লযুঁজাৰুৰ সমৰ্থনত, ব্ৰীজ ভূষণৰ গ্ৰেপ্তাৰৰ দাবীৰে বন্ধ ঘোষণা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিজেপি সাংসদ তথা সৰ্বভাৰতীয় মল্লযুঁজাৰু সংস্থাৰ সভাপতি ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা মল্লযুঁজাৰুসকলৰ সমৰ্থনত ১৪ জুনত হাৰিয়ানা বন্ধ ঘোষণা। খাপৰ প্ৰতিনিধিনেয় অনুষ্ঠিত কৰা জনতাৰ সংসদৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই সিদ্ধান্ত অনুসৰি ১৪ জুনত হৰিয়ানাৰ ৰাজপথ, ৰেলপথ সকলো বন্ধ থাকিব। বন্ধ থাকিব গাখীৰ, শাক-পাচলিৰ দৰে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগানো। আনহাতে ১৮ জুনত ভাৰত বন্ধৰো চিন্তা চৰ্চা কৰা হৈছে।

ইয়াৰ বাবে বিভিন্ন দল-সংগঠনৰ সমৰ্থন বিচাৰিছে খাপ পঞ্চায়তে। তেওঁলোকৰ এই সিদ্ধান্তলৈ ইতিমধ্যে বিভিন্ন দল, সংগঠনেও সমৰ্থন আগবঢ়াইছে। উল্লেখ্য যে, দেওবাৰে হাৰিয়ানাৰ বাহাদুৰগড়ত অনুষ্ঠিত হৈছিল এই জনতা সংসদ।

ভূপ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই জনতা সংসদত হাৰিয়ানাৰ উপৰিও দিল্লী, ৰাজস্থান আদিৰ প্ৰতিনিধিও উপস্থিত আছিল। এই জনতা সংসদতে ২১ জনীয়া এক সমিতি গঠন কৰা হয়।

ইয়াৰোপৰি জনতা সংসদত মুঠ ২৫ টা প্ৰস্তাৱ গৃহীত কৰা হৈছে। তাৰ ভিতৰত আছে মল্লযুঁজাৰুসকলৰ দাবী, এম এছ পি, কৃষকৰ ঋণ ৰেহাই, সমলিংগ বিবাহ নিষেধাজ্ঞা, ভূমি অধিগ্ৰহণ আদি।

স্মৰ্তব্য যে, ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰে বৈঠকত মল্লযুঁজাৰুসকলে কেইবাটাও দাবী উত্থাপন কৰিছিল। তেওঁলোকৰ অধিকাংশ দাবী মানি ললেও ব্ৰীজ ভূষণ সিঙক গ্ৰেপ্তাৰ কৰাৰ দাবী মানি লোৱা নাছিল।

মল্লযুঁজাৰুসকলৰ দাবীৰ ভিত্তিতে ১৫ জুনলৈ তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। মল্লযুঁজাৰুসকলৰ স্পষ্ট দাবী ব্ৰীজ ভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব লাগে।

সেয়ে ১৫ জুনলৈ মল্লযুঁজাৰুসকলে অপেক্ষা কৰিব। প্ৰতিশ্ৰুতি অনুসৰি কৰি তেওঁলোকৰ দাবীসমূহ ১৫ জুনৰ ভিতৰত মানি নলয় তেন্তে পুনৰ দিল্লীত তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিব।