ৰাষ্ট্ৰীয়

আজি বিশ্ব ঘৰচিৰিকা দিৱস!

Asomiya Pratidin

ডিজিটেল ডেস্ক: আজি বিশ্ব ঘৰচিৰিকা দিৱস। "Nature Forever Society of India"ৰ দ্বাৰা তথা ফ্ৰান্সৰ  Eco-Sys Action Foundation আৰু বিশ্বৰ আন কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সহযোগত এক আন্তৰ্জাতিক পদক্ষেপৰ জড়িয়তে ২০ মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হয় এই বিশ্ব ঘৰচিৰিকা দিৱস।

বৰ্তমান বিশ্বৰ প্ৰায় সকলোবোৰ ঠাইৰ পৰাই বিলুপ্তপায়ী হ'বলৈ ধৰা ঘৰচিৰিকা অসমৰ পৰাও বিলুপ্তিৰ দিশত। এসময়ত অসমীয়া গ্ৰাম্য সমাজৰ পৰিচয় বহন কৰিছিল এই ঘৰচিৰিকাই। পিছে বৰ্তমান অবাধ বনাঞ্চল ধ্বংস, নগৰীকৰণ, গৃহ নিৰ্মানত পৰিৱৰ্তন আদিৰ ফলত ঘৰচিৰিকা প্ৰায় বিলুপ্তিৰ পথত। বহু ঠাইত কম-বেছি পৰিমাণে ঘৰচিৰিকা দেখিবলৈ পোৱা যায় যদিও, ঘৰচিৰিকাৰ ৰাতিৰ দৃশ্যখন অতি দুখলগা। নিশা ঘৰচিৰিকাবোৰে জিৰণি লোৱা দৃশ্যবোৰে বহুতৰে হৃদয়ত বেজাৰ কঢ়িয়াই আনে।

সেয়েহে এই বিলুপ্তপায়ী ঘৰচিৰিকা সংৰক্ষণৰ বাবে বিশ্ব ঘৰচিৰিকা দিৱস পালন কৰা হয়। ঘৰচিৰিকা কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰ বাবে প্ৰতিবছৰে আজিৰ দিনটোত বিভিন্ন পদক্ষেপ হাতত লয় সংস্থা কেইটাই। ইতিমধ্যেই কেইবাটাও সজাগতা মূলক কাৰ্যসূচী গ্ৰহন কৰি সফলতা লাভ কৰিছে সংস্থা কেইটাই।