ৰাষ্ট্ৰীয়

সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ব্যঞ্জন প্ৰস্তুত কৰিবলৈ গৈ মুখ পুৰিলে মহিলাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ "আদাক দেখি উঠিল গা,কেতুৰীয়ে বোলে মোকো খা।" সামাজিক মাধ্যমত প্ৰসাৰ হোৱা ব্যঞ্জন প্ৰস্তুত কৰিবলৈ গৈ মুখ পুৰিল মহিলাৰ।

বিগত সময়ত সামাজিক মাধ্যমত প্ৰসাৰ হোৱা কণী ভজাৰ অন্যন্য কৌশল আয়ত্ব কৰিবলৈ গৈ বিপদত পৰিল এগৰাকী মহিলা। জানিব পৰা মতে, উক্ত মহিলাগৰাকীয়ে কণী ভজাৰ প্ৰাসাৰিত কৌশল অনুসৰণ কৰি তেওঁৰ পাকঘৰত কণী ভাজিবলৈ লয়। কিন্তু বিধিৰ বিপাক মাইক্ৰ'ৱেভত ৰন্ধন কাৰ্যত ব্যস্ত থাকোতে কেনেবাকৈ ব্যাঘাত জন্মি ৰান্ধনী মহিলাগৰাকীৰ মুখমণ্ডল জ্বলি যায়।

নিজৰ ভুলত অনুতপ্ত ৩৭ বছৰীয়া মহিলাগৰাকীয়ে কয় যে, যাৰ যি কৌশল সেই মতে ৰান্ধক। অনুসৰণ কৰিবলৈ গৈ নিজৰ বিপদ চপাই নল'ব।

যিটো কাৰ্য তেওঁৰ ভুল আছিল বুলি স্বীকাৰ কৰে। এনেধৰণৰ অল্প বিদ্যাই বিপদ মাতে। সম্পূৰ্ণ কৌশল আয়ত্ব নকৰাকৈ তাক কাৰ্যতঃ পৰিণত কৰিবলৈ যোৱা উচিত নহয়।

অৱশ্যে ঘটনাটোৰ পিছত তেওঁক পৰিয়ালৰলোকে চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগলৈ নিয়ে। চিকিৎসালয়ৰ জ্বলা-পোৰা বিভাগত মহিলাগৰাকীৰ প্ৰায় ১২ ঘণ্টা ধৰি চিকিৎসকে চিকিৎসা চলোৱাৰ পাছত বৰ্তমান সুস্থিৰ অৱস্থালৈ আহিছে।