প্ৰতিকী ফটো
প্ৰতিকী ফটো  
ৰাষ্ট্ৰীয়

অন্য যুৱতীৰ সৈতে বিয়াত বহাৰ দিনাই প্ৰেমিকাই প্ৰেমিকৰ ওপৰত ঢালিলে এচিড...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰেমিকাই প্ৰেমিকৰ গাত ঢালিলে এচিড। তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতী গৰাকীক। ২২ বছৰীয়া যুৱতী গৰাকীৰ প্ৰেমিকে অন্য এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়ত তেওঁৰ ওপৰত এচিড আক্ৰমণ হয়। এই ঘটনা ছট্টীশগড়ৰ বস্তাৰ জিলাৰ। সোমবাৰে আৰক্ষীয়ে জনাই এই কথা।

অভিযুক্ত মহিলা গৰাকীক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ঘটনাটো সংঘটিত হৈছিল ১৯ এপ্ৰিলত । দৰা দমৰুধৰ বাঘেল (২৫) নামৰ যুৱকজনে ১৯ বছৰীয়া যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেতিয়াই দৰাৰ প্ৰাক্তন প্ৰেমিকাই তেওঁৰ ওপৰত এচিড আক্ৰমণ কৰে। ইয়াৰ ফলত দৰাৰ লগতে কইনা আৰু আন লোকো আঘাতপ্ৰাপ্ত হয়।

অভিযুক্ত গৰাকীয়ে আৰক্ষীক জনাই যে তেওঁ আৰু দমৰুধৰ বাঘেল কেইবা বছৰ ধৰি সম্পৰ্কত আছিল। কিন্তু দমৰুধৰে আন এগৰাকী মহিলাক বিয়া কৰাই তেওঁক প্ৰতাৰণা কৰিছিল। তেতিয়াই যুৱতী গৰাকীয়ে প্ৰেমিকক আক্ৰমণ কৰাৰ বাবে পন বান্ধি লৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।