ৰাষ্ট্ৰীয়

যুৱতীক হত্যা কৰাৰ দীপকক আৰক্ষীৰ এনকাউন্টাৰ, বাসগৃহত চলিল বুলড'জাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীক ৰাজপথতে গুলীয়াই হত্যা কৰে এজন যুৱকে। এই কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ধাৰ চহৰত। বুধবাৰে পুৱা যুৱকজনে যুৱতী গৰাকীক গুলীয়াই হত্যা কৰে। অভিযুক্ত যুৱকজনে প্ৰায় ২ বছৰ ধৰি মহিলা গৰাকীক নিৰ্যাতন চলাই আহিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি দীপক ৰাঠৌৰ নামৰ যুৱকজনে ২২ বছৰীয়া পূজা নামৰ মহিলাগৰাকীক বিয়াৰ বাবে প্ৰস্তাৱ দি আহিছিল। কিন্তু পূজাই তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল।

পূজাই এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল আৰু মাক -দুই ভগ্নীৰ সৈতে বাস কৰিছিল। কালি যেতিয়া পুজা কামৰ বাবে গৈ আছিল তেতিয়াই এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। য'ত পূজা থিতাতে নিহত হয়।

উল্লেখ্য যে, দীপকে বহুদিন অনুসৰণ কৰি আহিছিল পূজাক। দীপকৰ বিৰুদ্ধে পূজাই অভিযোগো দাখিল কৰিছিল।

ঘটনাৰ পাছতেই দীপকক কৰায়ত্ব কৰিবলৈ আৰক্ষী তেওঁৰ ঘৰত উপস্থিত হৈছিল । কিন্তু দীপক আৰু আৰক্ষীৰ মাজত হোৱা গুলীয়াগুলীত দীপকৰ লগতে আন এজন আৰক্ষী বিষয়া আহত হয়।

বৰ্তমান চিকিৎসালয়ত আছে দীপক। আনহাতে অবৈধ ভূমিত নিৰ্মাণ কৰা বাবে দীপকৰ ঘৰ আৰক্ষীয়ে পৌৰ নিগমৰ সহযোগত ভাঙি দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।