কিনকনীয়া বৰষুণে গুৱাহাটীলৈ আনিছে শীতঃ দাৰ্জিলিঙত বছৰৰ প্ৰথম তুষাৰপাত...
কিনকনীয়া বৰষুণে গুৱাহাটীলৈ আনিছে শীতঃ দাৰ্জিলিঙত বছৰৰ প্ৰথম তুষাৰপাত... 
ৰাষ্ট্ৰীয়

কিনকনীয়া বৰষুণে গুৱাহাটীলৈ আনিছে শীতঃ দাৰ্জিলিঙত বছৰৰ প্ৰথম তুষাৰপাত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আহোঁ নাহোঁকৈ গুৱাহাটীলৈও আহিল শীত। বৃহস্পতিবাৰে পুৱাৰে পৰা গুৱাহাটী অব্যাহত থকা কিনকিনীয়া বৰষুণে নমাই আনিছে শীত। শীতৰ মাদকতা উপভোগ কৰিবলৈ সাজু হৈছে মহানগৰৰ বাসিন্দা।

প্ৰায় এটা মাহৰ আগৰে পৰা উজনি অসমৰ লগতে প্ৰায় সংখ্যক জিলাৰে গ্ৰামাঞ্চললৈ শীত নামিছিল যদিও গুৱাহাটীত শীতৰ আগমণ কিছু পলম হৈছে। শীতৰ অপেক্ষাত থকা মহানগৰীৰ নাগৰিকসকলে বৃহস্পতিবাৰে শীত অহাৰ বাতৰি পালে।

ইফালে দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যত এতিয়া ঘূৰ্ণিবতাহৰ প্ৰভাৱ। এই ঘূৰ্ণি বতাহৰ ফলতে চেন্নাইকে ধৰি একাধিক চহৰত সৃষ্টি হৈছে বানপানী। প্ৰভাৱিত হৈছে যাতায়ত আৰু যোগাযোগ ব্যৱস্থা।

একেদৰে উত্তৰ ভাৰতৰো কেইবাখনো ৰাজ্যত চলিছে প্ৰৱল বৃষ্টিপাত। তাৰ মাজতে আকৌ দাৰ্জিলিঙত বছৰৰ প্ৰথম তুষাৰপাত আৰম্ভ হৈছে। দাৰ্জিলিঙৰ চৌদিশে এতিয়া বৰফৰ শুভ্ৰ দলিচা।

ডিচেম্বৰ অহাৰ পাছতো দেশৰ একাধিক চহৰত এইবাৰ শীত অহা নাছিল। ডিচেম্বৰৰ এটা সপ্তাহ প্ৰায় অতিক্ৰম কৰিলেও কলকাতাৰ দৰে চহৰত নাই শীতৰ প্ৰভাৱ। উত্তৰ ভাৰততো বৃষ্টিপাতৰ আগলৈকে নাছিল শীতৰ প্ৰভাৱ। কিন্তু তাৰ মাজতে হঠাৎ শীতৰ আগমণ ঘটিছে।

বৃহস্পতিবাৰৰ পুৱাৰে পৰা দাৰ্জিলিঙৰ ছান্দাকফুসহ চন্দ্ৰো হ্ৰদত তুষাৰ পাত আৰম্ভ হৈছে। তাৰ পাছৰে পৰা চাওঁতে চাওঁতে ঘৰ, পথ সকলো বৰফৰ শুভ্ৰ চাদৰেৰে ঢাকি পেলাইছে। ফলত পৰ্যটকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ।