ৰাষ্ট্ৰীয়

হৰিণৰ বাবে বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ বিশেষ ব্যৱস্থা

Asomiya Pratidin

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰ বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ বিশেষ পদক্ষেপ। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যখনৰ উধমপুৰ তাণ্ডে উদ্যানৰ হৰিণৰ বাবে লৈছে বিশেষ ব্যৱস্থা।

বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰা তথ্য অনুসৰি, উক্ত উদ্যানখনত আছে ৩২টা ফুটুকী হৰিণ। সাধাৰণতে এইসমূহ হৰিণে অত্যাধিক গৰম সহ্য কৰিব নোৱাৰে। সেয়ে বন্যপ্ৰাণী সুৰক্ষা বিভাগে এইসমূহ হৰিণৰ বাবে কুলাৰৰ ব্যৱস্থা কৰিছে।

যাতে হৰিণসমূহে জিৰণীৰ সময়ত শান্তিত জিৰণী ল'ব পাৰে। আনহাতে বতৰত লগত খাপ খাব পৰাকৈ খাদ্যগ্ৰহণ কৰিব পাৰে তাৰ বাবেও লৈছে ব্যৱস্থা। বিজ্ঞানসন্মতভাৱে যোগান ধৰা হৈছে খাদ্যসমূহ।

হৰিণকেইটিৰ শৰীৰৰ উষ্ণতা অনুসৰি ফল-মূল,গ্লুক'জ জাতীয় খাদ্য প্ৰদান কৰা হৈছে বুলি বিভাগৰ ব্লক অফিচাৰ এগৰাকীয়ে উল্লেখ কৰে।