WHATS APP
WHATS APP 
ৰাষ্ট্ৰীয়

গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত ৱাটছ এপৰ নতুন পদক্ষেপ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মোবাইল ব্যৱহাৰকাৰী সকলৰ বাবে যোগাযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈছে ৱাটছ এপ । বৰ্তমানৰ সময়ত ই এক শক্তিশালী যোগাযোগৰ মাধ্যমত পৰিগণিত হৈছে । এই মাধ্যমটোৰ ব্যৱহাৰকাৰীসকলে এপটো ব্যৱহাৰ যাতে কৰি অধিক সুৰক্ষিত অনুভৱ কৰিব পাৰে তাৰ বাবে শেহতীয়াকৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এপটোৰ কৰ্তৃপক্ষই ।

এতিয়াৰে পৰা ব্যৱহাৰকাৰীয়ে কথোপকথনৰ গোপনীয়তাৰ ৰক্ষাৰ ক্ষেত্ৰত চিন্তা কৰিব লগা কোনো কাৰণ নাই । কিয়নো এতিয়াৰে পৰা আপুনি নিবিচৰা চেট, নাইবা মেছজ কোনো লোকেই আপোনাৰ ফোন ব্যৱহাৰ কৰি চাব নোৱাৰিব । বিশেষ চেটৰ ক্ষেত্ৰত আপুনি লক কৰি থব পাৰিব ।

এই লক কৰি থোৱা ফল্ডাৰৰ মেছজ কোনোও চাব নোৱাৰিব । সোমবাৰে এক ফেচবুক পষ্টযোগে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে

WHATS APP