কি হ'ব তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভৱিষ্যত ?
কি হ'ব তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভৱিষ্যত ?  
ৰাষ্ট্ৰীয়

কি হ'ব তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভৱিষ্যত ?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কি হ'ব তিনি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ভৱিষ্যত? ৫ বাৰকৈ মধ্যপ্ৰদেশত বিজেপিৰ চৰকাৰ গঠনত মুখ্য ভূমিকা লোৱা শিৱৰাজ সিং চৌহান এইবাৰ এজন সাধাৰণ বিধায়ক হিচাপেই থাকিব লাগিব নেকি? নে বিধায়ক পদৰ পৰা পদত্যাগ কৰি তেওঁ বানপ্ৰস্থ জীৱন অতিবাহিত কৰিব?

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিংহৰো হ'ব নেকি একেই দশা? তিনিও ৰাজ্যতে নতুন মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ পাছতে এতিয়া এই প্ৰশ্ন উত্থাপিত হৈছে।

ৰাজনৈতিক বিশেষজ্ঞসকলে এই তিনিও নেতাৰ ভৱিষ্যত সম্পৰ্কে কৰিছে ভিন্ন মত। কোনো কোনোৱে তেওঁলোকে ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে যদিও আন কোনোৱে আকৌ কৈছে তেওঁলোকক দলৰ ৰাজ্যিক সভাপতিৰ দৰে দায়িত্ব প্ৰদান কৰিব।

কাৰোবাৰ মতে আকৌ তিনিওকে ৰাজ্যপাল হিচাপে নিয়োগ কৰাৰ সম্ভাৱনাই অধিক। তাৰ মাজতে অৱশ্যে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ৰমন সিংহক বিধানসভাৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। কিন্তু শিৱৰাজ সিং চৌহান আৰু বসুন্ধৰা ৰাজেয়ে এতিয়ালৈকে তেনে কোনো দায়িত্বও পোৱা নাই।

উল্লেখ্য যে, মধ্যপ্ৰদেশত যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ নেতৃত্বত নিৰ্বাচনত নামি বিজেপি বিজয়ী হৈছে তথাপিও শিৱৰাজ সিং চৌহানৰ জনপ্ৰিয়তাই যে অধিক সফলতা দিছে সেয়া বিজেপিৰ শতৰুৱেও মানি লৈছে। মামা হিচাপে পৰিচিত শিৱৰাজ সিং চৌহানৰ প্ৰচেষ্টাতে বিজেপিয়ে আশা কৰাতকৈ অধিক আসন লাভ কৰিলে।

একেদৰে ৰাজস্থানতো বসুন্ধৰা ৰাজেৰ জনপ্ৰিয়তা পূৰ্বৰ তুলনাত হ্ৰাস পোৱা নাই। যাৰ বাবে প্ৰথম পৰ্যায়ত বসুন্ধৰা ৰাজেক একাষৰীয়া কৰিও শেষ মুহূৰ্তত বিজেপিয়ে তেওঁক সন্মুখলৈ আনিবলৈ বাধ্য হৈছিল। বিজেপিয়ে ৰাজস্থান পুনৰ নিজৰ দখললৈ অনাৰ ক্ষেত্ৰত প্ৰধানমমন্ত্ৰী মোডী, শ্বাহৰ সমানেই অৰিহণা আছে বসুন্ধৰা ৰাজে সিন্ধিয়াৰ।

ৰাজনৈতিক মহলৰ চৰ্চা অনুসৰি এই দুই নেতাৰ দক্ষতাৰ ওপৰত প্ৰশ্ন নাই। বৰঞ্চ প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ দক্ষতাতকৈ এই দুই নেতাৰ দক্ষতা বহু বেছি। তেওঁলোকৰ ভাৱমূৰ্তিও মোডী, শ্বাহতকৈ বহু স্বচ্ছ।

এনে প্ৰেক্ষাপটত স্বাভাৱিকতে মোডী আৰু শ্বাহৰ 'গুড বুক'ত স্থান লাভ কৰিবলৈ সক্ষম নহ'ল এই দুই নেতা। সেয়ে অশেষ কষ্ট কৰি চৰকাৰ গঠন কৰিও এতিয়া দায়িত্বহীনভাৱে সময় পাৰ কৰিবলগীয়া হৈছে এই দুই নেতাই।

ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে সেয়ে তেওঁলোক বানপ্ৰস্থলৈ যোৱাৰ সম্ভাৱনাই অধিক। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদুৰাপ্পাৰ দৰেই তেওঁলোকৰ অৱস্থা হ'ব বুলি ধৰাণা কৰিছে বহুতেই।

কিন্তু এনে জল্পনা কল্পনাৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই এই তিনিওগৰাকী মুখ্যমন্ত্ৰী সন্দৰ্ভত কৰিলে এক ডাঙৰ মন্তব্য। তিনিওৰে ৰাজনৈতিক ভৱিষ্যত সম্পৰ্কে জে পি নড্ডাই কৰা মন্তব্য এতিয়া চৰ্চাৰ মাজলৈ আহিছে।

এক ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি নড্ডাই তিনিওগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীকে দলৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হ'ব বুলি মন্তব্য কৰিছে। তেওঁ কয়, তিনিওজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়েই আমাৰ দলৰ জ্যেষ্ঠ নেতা। ভৱিষ্যতে দলে তেওঁলোকক উপযুক্ত ভূমিকা পালন কৰিবলৈ দায়িত্ব প্ৰদান কৰিব।

অৱশ্য সেই গুৰুত্বপূৰ্ণ দায়িত্ব কি সেই বিষয়ে কোনো মন্তব্য কৰা নাই নড্ডাই। সেয়ে এতিয়া পুনৰ চৰ্চা চলিছে আগন্তুক লোকসভা নিৰ্বাচনত তেওঁলোকক দলীয় টিকট প্ৰদান কৰি সাংসদ হিচাপে নিৰ্বাচিত কৰাই ৰাষ্ট্ৰীয় ৰাজনীতিলৈ অনা হ'ব পাৰে।

যদি সেয়াই হয় আৰু ভবা মতেই পুনৰ তেওঁলোকৰ চৰকাৰ হয় তেন্তে ২০২৪ ত এই তিনিও প্ৰাক্তন মুখ্যমন্ত্ৰীকে যে সৰ্বানন্দ সোণোৱালৰ দৰেই কেন্দ্ৰীয় কেবিনেটত দেখা পোৱা যাব সেয়া প্ৰায় নিশ্চিত।