ৰাষ্ট্ৰীয়

সৌৰভ গাংগুলীলৈ পশ্চিম বংগ চৰকাৰৰ Z পৰ্যায়ৰ নিৰাপত্তা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীলৈ Z পৰ্যায়ৰ নিৰাপত্তা। বি চি চি আইৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ পূৰ্বতে আছিল Y পৰ্যায়ৰ নিৰাপত্তা।

বুধবাৰে পশ্চিম বংগ চৰকাৰে পূৰ্বৰ পৰ্যায়ৰ নিৰাপত্তা উন্নীত কৰি ক্ৰিকেটাৰগৰাকীক Z পৰ্যায়ৰ নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্য গাংগুলীৰ নিৰপত্তাৰ প্ৰতি কোনো ভাবুকি অহা নাই যদিও পশ্চিম বংগ চৰকােৰ তেওঁক Z পৰ্যায়ৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

Z পৰ্যায়ৰ নিয়ম অনুসৰি প্ৰাক্তন অধিনায়ক গাংগুলীয়ে লাভ কৰিব ৪ৰ পৰা ৬জনলৈকে কামাণ্ডো, ৩গৰাকী ব্যক্তিগত নিৰাপত্তাৰক্ষীসহ বুলেটপ্ৰুফ বাহন আদি অন্যান্য সা-সুবিধা।