ন্যায়ালয় এতিয়া বিজেপিৰঃ মমতা বেনাৰ্জী
ন্যায়ালয় এতিয়া বিজেপিৰঃ মমতা বেনাৰ্জী 
ৰাষ্ট্ৰীয়

ন্যায়ালয় এতিয়া বিজেপিৰঃ মমতা বেনাৰ্জী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আকৌ এবাৰ গৰজি উঠিছে। এছ এছ চি পৰীক্ষাৰ এক গোচৰ সন্দৰ্ভত মমতাই কৈছে, কাৰাগাৰলৈ প্ৰেৰণ কৰিলেও তেওঁ চাকৰিৰ পৰা বঞ্চিতসকলৰ কাষতেই থাকিব।

সোমবাৰে এছ এছ চি গোচৰত কলকাতা হাই ক'ৰ্টে ৰায় প্ৰদান কৰিলে। এই ৰায়ৰ পাছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ন্যায়ালয়ৰ ৰায়ৰ নেপথ্যত বিজেপিৰ হাত আছে বুলি দাবী কৰিছে।

তেওঁ কয়, ন্যায়ালয় এতিয়া বিজেপিৰ। এই ক্ষেত্ৰত অৱশ্যে ন্যায়াধীশৰ গাত দোষ নাই বুলিও তেওঁ কৈছে। মমতাৰ মতে সকলো দোষ বিজেপিৰ। সেয়ে তেওঁ চাকৰি বঞ্চিতসকলৰ কাষত থাকিব। তেওঁলোকৰ হৈ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই তেওঁ যাব শীৰ্ষ আদালতলৈ।

সোমবাৰে ২০১৬ চনৰ এছ এছ চি নিয়োগ গোচৰৰ ৰায় প্ৰদান কৰি কলকাতা উচ্চ ন্যায়ালয়ে সেই বৰ্ষৰ সকলো নিয়োগ প্ৰক্ৰিয়া বাতিল কৰাৰ নিৰ্দেশ প্ৰদান কৰে। ফলত ২৫ হাজাৰ ৭৫৩ গৰাকী প্ৰাৰ্থিৰ চাকৰি বাতিল হৈছে।

এই গোচৰৰ ৰায় প্ৰকাশ পোৱাৰ পাছতে ৰায়গঞ্জৰ এক নিৰ্বাচনী সভাত মমতাই কয়, প্ৰায় ২৬ হাজাৰ শিক্ষকৰ চাকৰি বাতিল কৰিলে তাৰ প্ৰভাৱ পৰিব সেইসকলৰ পৰিয়ালৰ ওপৰত। মমতাই কয়, ২৬ হাজাৰ শিক্ষক মানে ডেৰ লাখ পৰিয়াল। এই মানুহখিনিৰ কাষত তেওঁ থাকিব।

বিজেপিয়ে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰিলেও এৰি নিদিয়ে তেওঁ। তেওঁ প্ৰত্যাহ্বান জনায় কয়, কি কৰিব? মোক কাৰাগাৰলৈ পঠিয়াব? মানুহৰ কাষৰ পৰা আঁতৰাব নোৱাৰিব। তেওঁলোকৰ পৰিয়ালৰ কাষত আছোঁ।

ন্যায়ালয়ে আজি দিয়া ৰায়ৰ পাছতে তেওঁ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তেওঁ ন্যায় ব্যৱস্থাক বিজেপিয়ে পৰিচালনা কৰাৰ অভিযোগ কৰিছে। বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এয়া বিজেপিৰ ন্যায়ালয়কক্ষ। মন্দিৰ নহয়, মছজিদ নহয়। ৰাজনৈতিক বিচাৰ। যদি আন এজন ব্যক্তিয়ে 'পিল' (পি আই এল) কৰে তেন্তে তেওঁলোকে 'কিল' (হত্যা) কৰিব।

তেওঁ কয়, এনে পৰিস্থিতিৰ বাবে ন্যায়ালয়ৰ ন্যায়াধীশসকল দোষী নহয়, ইয়াৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰ দোষী। তেওঁলোকেই এই ব্যৱস্থা গঢ়ি তুলিছে যাতে তেওঁলোকে যি কয় সেয়াই হয়। তেওঁ সকলোকে সোঁৱৰাই দি কয়, এই ৰায় প্ৰাক্তন ন্যায়াধীশ অভিজিত গংগোপাধ্যায়ে দিছিল। তেওঁ এতিয়া তামলুক লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী।