ৰাষ্ট্ৰীয়

আন্তৰ্জাতিক বিমান সেৱাৰ বাবে সাজু ভিষ্টাৰা-ইণ্ডিগ'

Asomiya Pratidin

ডিজিটেল ডেস্ক : আন্তৰ্জাতিক বিমান সেৱাৰ বাবে সাজু ভিষ্টাৰা-ইণ্ডিগ' বিমান সেৱা। বিমান পৰিবহন সঞ্চালকালয়ে অহা আগষ্টৰ পৰা উক্ত দুই বিমান সেৱাক আন্তৰ্জাতিক সেৱাৰ বাবে অনুমতি প্ৰদান কৰিছে।

ভিষ্টাৰাই নতুন দিল্লীৰ পৰা ইণ্ডোনেছিয়াৰ বালিলৈ অনুমতি বিচাৰি বিমান পৰিবহন সঞ্চালকালয়ৰ ওচৰত এক আবেদন দাখিল কৰিছিল। এই আবেদনৰ প্ৰতি সহাঁৰি জনাই সোমবাৰে সঞ্চালকালয়ে অনুমতি প্ৰদান কৰে।

একেদৰে ইণ্ডিগ'ৱেও নতুন দিল্লীৰ পৰা জৰ্জিয়াৰ ৰাজধানী তিবলিচিলৈ বিমান সংযোগ প্ৰৱৰ্তনৰ বাবে অনুমতি বিচাৰিছিল। সেয়ে উক্ত দুই বিমান সেৱাৰ আবেদন গ্ৰহণ কৰি সঞ্চালকালয়ে অনুমতি প্ৰদান কৰে।

জানিব পৰা মতে, অহা ১ আগষ্টৰ পৰা ভিষ্টাৰাই নতুন দিল্লীৰ পৰা ইণ্ডোনেছিয়াৰ বালিলৈ সেৱা আগবঢ়াব আৰু ইণ্ডিগ'ৱে ৭ আগষ্টৰ পৰা জৰ্জিয়াৰ ৰাজধানী তিবলিচিলৈ সেৱা আগবঢ়াব।