ৰাষ্ট্ৰীয়

'নিগনি হত্যা'ৰ বাবে ৰুজু হ'ল গোচৰ, দাখিল কৰিলে ৩০ পৃষ্ঠাৰ অভিযোগ নামা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : এইবাৰ 'নিগনি হত্যা' গোচৰত দাখিল কৰা হ'ল অভিযোগপত্ৰ। কৰা হ'ল নিগনৰ মৰণোত্তৰ পৰীক্ষা । পিছে ঘটনা কোনো বিদেশৰ নহয়। এই ঘটনা ভাৰতৰে। আৰু ঘটনাও হৈছে কিছু দিন পুৰণি।

বিগত বছৰৰ ২৫ নৱেম্বৰত বদাউনৰ এজন পশুপ্ৰেমী বিক্ৰল শৰ্মাই মনোজ কুমাৰ নামৰ এজন ব্যক্তিক এন্দুৰৰ নেজত সূতাৰে শিল বান্ধি জিলাখনৰ শক্তি উপ-কেন্দ্ৰৰ ওচৰৰ নলাত পেলাই দিয়া প্ৰতক্ষ কৰে। আৰু ইয়াৰ পিছতেই, পশুপ্ৰেমী জনে ৰুজু কৰিলে এক গোচৰ।

এই ঘটনা উত্তৰ প্ৰদেশৰ। ৰাজ্যখনৰ বদাউন জিলাৰ সদৰ কোতৱালী অঞ্চলত এন্দুৰ ডুবি যোৱাৰ অভিযোগত আৰক্ষীয়ে আদালতত অভিযোগ পত্ৰ দাখিল কৰে। এজন আৰক্ষী বিষয়াই জনোৱা তথ্য অনুসৰি 'নিগনি হত্যা' গোচৰত অভিযুক্তজনৰ বিৰুদ্ধে আদালতত ৩০ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰা হৈছিল । আৰু সেই অভিযোগৰ ভিত্তিতেই বদাউনৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম)ৰ আদালতত অভিযোগপত্ৰ দাখিল কৰা হয়।

এই ঘটনাই এতিয়া দেশৰ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। আনহাতে গোচৰটোৰ সন্দৰ্ভত অভিযুক্তক আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত হয়। এই সন্দৰ্ভত অভিযুক্তৰ পিতৃয়ে আদালতক কয় যে, "যদি এই ক্ষেত্ৰত মোৰ পুত্ৰক শাস্তি দিয়া হয়, তেন্তে কুকুৰা আৰু ছাগলী হত্যা কৰা সকলোৰে বিৰুদ্ধেও ব্যৱস্থা লোৱা উচিত। নিগনি হত্যাকাৰী ঔষধ বিক্ৰী কৰা সকলৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা উচিত।"