ৰাষ্ট্ৰীয়

চাকৰি আৰু ধনৰ প্ৰলোভন! খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ বাবে বাধ্য কৰোৱা ১০ জন আৰক্ষীৰ জালত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে ধৰ্মান্তকৰণৰ ঘটনা। বিভিন্ন সময়ত বহু প্ৰলোভন কৰি একাংশই ধৰ্মান্তকৰণ কৰাই আহিছে। উত্তৰ প্ৰদেশৰ পৰা পোহৰলৈ আহিছে এনে এক ঘটনা।

চাকৰি আৰু ধনৰ প্ৰলোভন দি ধৰ্ম পৰিবৰ্তন কৰাৰ ঘটনা পোহৰলৈ আহিছে।  উত্তৰ প্ৰদেশৰ কাছগঞ্জত সংঘটিত হৈছে এই ঘটনা। ধৰ্মান্তকৰণ প্ৰক্ৰিয়া চলাই থকাৰ সময়তে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ ১০ জন লোকক গ্ৰেপ্তাৰ কৰে। অভিযুক্তসকল ত্ৰিপুৰা, অসম, ৰাজস্থান আৰু হাৰিয়ানাৰ।

জানিব পৰা মতে কাছগঞ্জৰ পাতিয়ালী ক্ষেত্ৰত এই ঘটনা সংঘটিত হৈছে। যেতিয়া গাঁওবাসীয়ে এই ঘটনা বিষয়ে অৱগত হয় লগে লগে আৰক্ষীক খবৰ দিয়ে। গাঁওবাসীয়ে দেখিছিল যে সোনাপাল নামৰ লোকজনৰ ঘৰত ধৰ্ম পৰিবৰ্তন কাৰ্যসূচী চলি আছিল। একাংশ লোকক ধন আৰু চাকৰিৰ প্ৰলোভন দি খ্ৰীষ্টান গ্ৰহন কৰাৰ বাবে বাধ্য কৰাইছিল।

আটক হোৱা লোককেইজন- গবধু সিং, সুনীল, অশোক নায়ক, অসমৰ হেমন্ত, ত্ৰিপুৰাৰ এজন, মোল্সম, মহাবীৰ, প্ৰকাশৰ লগতে আন কেইবাজন। ইয়াৰ লগতে তেওঁলোকৰ পৰা আৰক্ষীয়ে মোবাইল , ধৰ্ম গ্ৰন্থ আদি জব্দ কৰে। ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া চলি আছে।