বিফলতাৰ বেদনা 'মোডী'ৰ! সফলতাৰ হাঁহি 'যোগী'ৰ...
বিফলতাৰ বেদনা 'মোডী'ৰ! সফলতাৰ হাঁহি 'যোগী'ৰ... 
ৰাষ্ট্ৰীয়

বিফলতাৰ বেদনা 'মোডী'ৰ! সফলতাৰ হাঁহি 'যোগী'ৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাই সত্য। পানীত থকা লোকে যেতিয়া মেচিন জাহাজ বা অন্য কিবা উপায় নাপায় তেতিয়া কলৰ ভুৰকেই বহুত বুলি ভাবি লয়।

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে কংগ্ৰেছৰ বিজয় উৎসৱক কটাক্ষ কৰি কোৱা এই কথাই যেন এতিয়া বিজেপিৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি। কৰ্ণাটক বিধানসভা নিৰ্বাচন, পঞ্জাৱৰ উপ-নিৰ্বাচনত পৰাস্ত হোৱা দলটোৰ বাবে যেন আজি সন্তুষ্টিৰ একমাত্ৰ কাৰণ হৈ পৰিছে উত্তৰ প্ৰদেশৰ নিগম-নিকায়ৰ নিৰ্বাচনৰ ফলাফল।

কেৱল বিজেপিৰ বাবেই নহয়, বিজেপিৰ মুখপাত্ৰৰ ভূমিকা লোৱা বুলি অভিযোগ উত্থাপন হোৱা একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো আজি বৰ বৰকৈ প্ৰচাৰ কৰা হৈছে উত্তৰ প্ৰদেশৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল। কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত পৰাস্ত হোৱা বিজেপি পঞ্জাৱত অনুষ্ঠিত হোৱা জলন্ধৰ লোকসভাৰ উপ-নিৰ্বাচনতো পৰাস্ত হৈছে।

কেৱল মাত্ৰ উত্তৰ প্ৰদেশৰ পৌৰ নিগমৰ নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰিছে। ৰাজ্যখনৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল অনুসৰি মুঠ ১৭ খন পৌৰ নিগমৰ ভিতৰত বিজেপিয়ে ১৭ খন পৌৰ নিগমৰ মেয়ৰ পদত বিজয় সাব্যস্ত কৰাৰ লগতে ৯০ টা অধ্যক্ষৰ পদ আৰু ৬০০ তকৈ অধিক ৱাৰ্ডত বিজয় সাব্যস্ত কৰিছে।

দলটোৱে এইবাৰ বহুজন সমাজবাদী পাৰ্টীৰ দখলত থকা মিৰাট আৰু আলিগড়ো দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে প্ৰথমবাৰৰ বাবে পৌৰ নিগম নিৰ্বাচন অনুষ্ঠিত হোৱা ছাজাহানপুৰৰ পৰা প্ৰথমগৰাকী মহিলা মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে বিজেপিৰ অৰ্চনা বাৰ্মা।

উল্লেখ্য যে, ৰাজ্যখনৰ মুঠ ১৭ খন পৌৰ নিগমৰ ভিতৰত বিজেপিয়ে ১৪ খন আসনতেই নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। দলটোৰ মুঠ ৪ জন প্ৰাৰ্থীয়ে দ্বিতীয়বাৰৰ বাবে মেয়ৰ হোৱাৰ সুযোগ লাভ কৰিছে।

Urban local body নিৰ্বাচনত ১৯৮ গৰাকী অধ্যক্ষ, নগৰ পালিকা পৰিষদৰ ৫ হাজাৰ ২৬০ গৰাকী সদস্য নিৰ্বাচিত হৈছে। নগৰ পঞ্চায়তৰ নিৰ্বাচনত ৫৪২ গৰাকী অধ্যক্ষ, ৭ হাজাৰ ১০৪ গৰাকী সদস্যৰ ভাগ্য নিৰ্ণয় হৈছে।