ৰাষ্ট্ৰীয়

গাড়ীৰ ওপৰত উঠি গৈছিল কইনা আনিবলৈ, দৰা যাব লাগিব জেলত!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কইনা আনিবলৈ গৈ জেলৰ ভাত হ'বলগীয়া হল দৰা। সাধাৰণতে বিয়াৰ দিনা কইনা আনিবলৈ দৰাই গাড়ী, গৰু গাড়ী, বাইক আদি বিভিন্ন ধৰণে যায়। কিন্তু উত্তৰ প্ৰদেশৰ এজন দৰাই কইনা আনিবৰ বাবে বাচনি কৰিলে এক বিশেষ পদ্ধতি।

ইতিমধ্যে দৰাজনে কইনা আনিবলৈ যোৱা ফটো ভাইৰেল হৈছে। ফটোত দেখা যায় যে দৰাজনে ৰাষ্ট্ৰীয় ঘাইপথত তেওঁৰ এছইউভিৰ ওপৰত থিয় হৈ আছে আৰু ড্ৰোনৰ দ্বাৰা ফটো লোৱা হৈছে। কিন্তু আৰক্ষীয়ে এই খবৰ পাই জব্দ কৰে গাড়ীখন।

জানিব পৰা মতে দৰাৰ নাম অংকিত আৰু তেওঁ চাহাৰনপুৰৰ ভৈলা গাঁৱৰ বাসিন্দা। অংকিতে মঙলবাৰে তেওঁৰ কইনাক আনিবলৈ মিৰাটৰ কুশৱালী গাঁৱলৈ গৈছিল। তেতিয়াই তেওঁ গাড়ীৰ ওপৰত থিয় হৈ আছিল। দিল্লী-ডেৰাডুন ৰাষ্ট্ৰীয় ঘাইপথত এই কাৰ্য কৰিছিল তেওঁ।

আৰক্ষীয়ে কয় যে, এজন দৰাই তেওঁৰ গাড়ীৰ চালত উঠি ষ্টাণ্ট প্ৰদৰ্শন কৰি থকাৰ খবৰ লাভ কৰিছিলো। লগে লগে ৰাষ্ট্ৰীয় ঘাইপথ-৫৮ৰ মনচুৰপুৰ বিবাহ শোভাযাত্ৰা বন্ধ কৰা হয় আৰু গাড়ীখন জব্দ কৰা হয়। গোচৰটোৰ তদন্ত চলি আছে।