ৰাষ্ট্ৰীয়

নৰেন্দ্ৰ মোডীৰ তথ্যচিত্ৰ সম্প্ৰচাৰ কৰা ইউটিউব চেনেল বন্ধ কৰিলে কেন্দ্ৰই

Asomiya Pratidin

ডিজিটেল ডেস্ক : গুজৰাটত ২০০২ চনত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জড়িত কৰি ব্ৰিটিছ ব্ৰ'ডকাষ্টিং কৰ্পৰেছন অৰ্থাৎ বি বি চিয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰখন বা লিংক শ্বেয়াৰ ব্লক কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে সামাজিক মাধ্যমৰ কোম্পানী সমূহক নিৰ্দেশ দিছে ।

ইতিমধ্যে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে লিংক শ্বেয়াৰ নিষিদ্ধ কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশ অনুসৰি, মাইক্ৰ' ব্লগিং ছাইট "টুইটাৰ" আৰু ভিডিঅ' শ্বেয়াৰিং ৱেবছাইটত বি বি চিৰ তথ্যচিত্ৰখন ইতিমধ্যে ইউটিউবে বন্ধ কৰি দিছে । এই ইউটিউবৰ লিংকসহ ৫০টাতকৈ অধিক টুইট ব্লক কৰাৰ বাবে কেন্দ্ৰই টুইটাৰক নিৰ্দেশ দিছে ।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ সচিবে শনিবাৰে কয় যে, 'আই টি বিধি ২০২১'ৰ অধীনত কেন্দ্ৰই জৰুৰী ক্ষমতা' ব্যৱহাৰ কৰি ইউটিউবৰ ভিডিঅ' লিংক আৰু টুইটসমূহ ব্লক কৰিবৰ বাবে নিৰ্দেশ দিছে ।

উল্লেখ্য যে, গুজৰাট সংঘৰ্ষৰ সময়ত ব্ৰিটিছ বৈদেশিক সচিবে ঘটনাৰ তদন্ত কৰিবলৈ ভাৰতলৈ এটা তদন্তকাৰী দল প্ৰেৰণ কৰিছিল আৰু এই দলটোৱে গুজৰাট সংঘৰ্ষৰ প্ৰতিবেদন প্ৰস্তুত কৰি ব্ৰিটিছ চৰকাৰক জমা দিছিল । কিন্তু ব্ৰিটিছ চৰকাৰে যোৱা ২০ বছৰ ধৰি এই প্ৰতিবেদন প্ৰকাশ কৰা নাছিল আৰু সেয়ে এই বিষয়টোৱে বি বি চিৰ তথ্যচিত্ৰখনত ঠাই পাইছে ।

ইতিমধ্যে ভাৰতে এয়া বি বি চিৰ অপপ্ৰচাৰ বুলি তথ্যচিত্ৰৰ নিৰ্মাণ আৰু সম্প্ৰচাৰৰ তীব্ৰ বিৰোধিতা কৰিছে । ভাৰত বিৰোধী এজেণ্ডা প্ৰচাৰৰ বাবে এই তথ্যচিত্ৰখন যাতে আকৌ আপলোড নহয়, তাৰ বাবেও কেন্দ্ৰই ইউটিউবক নিৰ্দেশ দিছে ।