Same sex news
Same sex news 
ৰাষ্ট্ৰীয়

সমকামী বুলি পৰিচয় দিলেই যাব লাগিব কাৰাগাৰলৈ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বৰ বিভিন্ন দেশসমূহে বৰ্তমানেও সমকামীসকলক বৈধতা প্ৰদান কৰা নাই । ভাৰতেও সমকামী বিবাহৰ ক্ষেত্ৰত বৈধতা বৰ্তমানেও প্ৰদান কৰা নাই । শেহতীয়াকৈ উচ্চতম ন্যায়লয়ত এই বিষয়ত শুনানি চলি আছে । মাত্ৰ ভাৰততেই নহয় অন্য দেশসমূহে বিষয়টোকলৈ বৈধতা প্ৰদান কৰিব নকৰে এই লৈ চিন্ত-চৰ্চা অব্যাহত ৰাখিছে।

শেহতীয়াকৈ উগাণ্ডাত সমকামী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এই লৈ এখন সমকামী বিৰোধী বিধেয়ক নতুনকৈ সংসদত গৃহিত কৰিছে দেশখনৰ চৰকাৰে। নতুন বিধেয়কখনত উল্লেখ কৰা অনুসৰি যদিহে কোনো সমকামী নাগৰিকৰ পৰিচয় পোৱা যায় তেন্তে চৰকাৰে সমকামীৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। সমলিংগৰ লোকসকল কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব।

দেশখনৰ এগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে শেহতীয়াকৈ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে। মানৱ অধিকাৰ কৰ্মী গৰাকীয়ে কৈছে এই বিধেয়কখন আফ্ৰিকাৰ সমকামী বিৰোধী আইনৰ আটাইতকৈ কঠোৰ আইন হিচাপে পৰিগণিত হ’ব। ইয়াৰ উপৰি তেওঁ কয় যে, চৰকাৰৰ এনে সিদ্ধান্তৰ পিছতেই দেশখনৰ বহু সমকামীয়ে ব্লেকমেইলিঙৰ বলি হোৱাৰ কথা স্বীকাৰ কৰিছে। বিভিন্ন অচিনাক্ত ব্যক্তিৰ পৰা ফোনত ভাবুকি ভৰা কল পাইছে সমকামীসকলে। লগতে কোৱা হৈছে যে ধন নিদিলে প্ৰসাশনক জনাই দিয়া হ’ব সমকামী বুলি। যিয়ে মানৱ অধিকাৰ উলংঘন কৰিছে বুলিও সমকামীসকলে মন্তব্য কৰিছে মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে ।