নিশাৰ এন্ধাৰত বালি তুলিবলৈ গৈ মৃত্যু ৩ কিশোৰৰ....
নিশাৰ এন্ধাৰত বালি তুলিবলৈ গৈ মৃত্যু ৩ কিশোৰৰ.... 
ৰাষ্ট্ৰীয়

নিশাৰ এন্ধাৰত বালি তুলিবলৈ গৈ মৃত্যু ৩ কিশোৰৰ....

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ফাকুৱাৰ পূৰ্বে সংঘটিত হোৱা এক কৰুণ ঘটনাই শোকৰ ছাঁ পেলাইছে। বালিৰ হেঁচাত প্ৰাণ ত্যাগ কৰিলে ৩ কিশোৰে। সোমবাৰে নিশা সংঘটিত হোৱা এই ঘটনাত আন এজন কিশোৰ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে।

জানিব পৰা মতে শিলগুৰীৰ মাটিগাৰাৰ বালাচান নদীত বালিৰ খনন বন্ধ হৈ আছে যদিও নিশাৰ আন্ধাৰত এই খনন অব্যাহত আছে। নিশাৰ এন্ধাৰত বালি, শিল তোলাৰ কাম কৰি আহিছে একাংশই।

তাৰ ফলশ্ৰুতিতেই এই ঘটনা সংঘটিত হ'বলৈ পালে। সোমবাৰে পুৱতি নিশা নদীৰ পৰা বালি উঠোৱাৰ সময়তে বালিয়ে হেঁচা মাৰি ধৰাত স্থানীয় ৩ কিশোৰ ক্ৰমে ৰোহিত চাহনী (১৫), শ্যামল চাহনী (১৫) আৰু মনু কুমাৰ (২০) ৰ মৃত্যু হয়।

স্থীনয় লোকে এই শোকাবহ ঘটনাৰ বাবে আৰক্ষী, প্ৰশাসনকেই দোষাৰোপ কৰিছে। স্থানীয় আৰক্ষীৰ মতে দিনৰ ভাগত নদীঘাট বন্ধ থাকে যদিও নিশা আৰক্ষীয়ে উৎকোচ লৈ নদীৰ পৰা বালি তোলাৰ কাম কৰাৰ সুযোগ দি আহিছে।

অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত কোনো মন্তব্য দিয়া নাই। তিনিও কিশোৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে স্থানীয় ৰাইজে মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰো দাবী তুলিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।