ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী মোডীক হত্যাৰ ভাবুকি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কেৰালালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ৰাজ্যখনৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীক আত্মঘাতী বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছে কোনো অজ্ঞাত লোকে ।

১৭ এপ্ৰিলত এই হত্যাৰ ভাবুকি ভৰা পত্ৰ লাভ কৰিছে কেৰলা ৰাজ্যিক বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনে । পত্ৰখন মালায়লম ভাষাত প্ৰেৰণ কৰা হৈছে ।

কোচিৰ এজন ব্যক্তিয়ে প্ৰেৰণ কৰিছে এই পত্রখন । য’ত উল্লেখ আছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ দৰেই হত্যা কৰা হ’ব প্ৰধানমন্ত্ৰী মোডীক । আৰু ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ প্ৰাণে মৰাৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষীক ইতিমধ্যই অৱগত কৰিছে ।

পত্ৰখনত উল্লেখিত ঠিকনাৰ ভিত্তিত আৰক্ষীয়ে এন কে জনী নামৰ ব্যক্তিজনক বিচাৰি উলিয়াইছে যদিও লোকজনে পত্ৰ প্ৰেৰণ কৰাৰ বিষয়টো আৰক্ষীৰ আগত অস্বীকাৰ কৰিছে ।