ৰাষ্ট্ৰীয়

দলিত মহিলাই পানী খোৱাৰ বাবেই গো-মূত্ৰৰে বিশুদ্ধকৰণ কৰিলে পানী টেংকী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জাত-পাতৰ কৰাল গ্ৰাসৰ পৰা এতিয়াও মুক্ত হোৱা নাই সমাজ। এতিয়াও উচ্চ-নিচ বাচ-বিচাৰ কৰি সমাজত এচাম লোকে সাধাৰণ লোকৰ জীৱন দুৰ্বিসহ কৰি তুলিছে।

এনে তথাকথিত এচাম উচ্চ বৰ্ণৰ লোকে শেহতীয়াকৈ এগৰাকী মহিলাৰ লগত সংঘটিত কৰা কাৰ্যই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এগৰাকী দলিত মহিলাই নলৰ পৰা পানী সংগ্ৰহ কৰাৰ বাবেই এটা টংকীৰ পানী উলিয়াই গো-মূত্ৰৰে বিশুদ্ধকৰণ কৰা কাৰ্য সংঘটিত হৈছে।

কৰ্ণাটকৰ চামৰাজনগৰ জিলাত সংঘটিত হৈছে এই ঘটনা। যোৱা ১৮ নৱেম্বৰৰ ঘটনা এয়া। চামাৰাজনগৰ জিলাৰ হেগগোটাৰা গাঁৱত এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল এগৰাকী অনুসূচীত জাতিৰ মহিলা।

এই সময়ছোৱাত, মহিলাগৰাকীয়ে তথাকথিত উচ্চ বৰ্ণৰ লোক বাস কৰা এলেকাৰ খোৱা পানীৰ টেংকৰ পৰা পানী খাইছিল। এই দৃশ্য দেখাৰ পিছতে এই লোকসকলে মহিলাগৰাকীক সেই স্থানৰ পৰা আঁতৰাই আনি পানী খোৱাত বাধা প্ৰদান কৰে।

কেৱল সিমানতেই শান্ত নাথাকি তেওঁলোকে সেই পানী টেংকীটো বিশুদ্ধকৰণ কৰে। তেওঁলোকে পানীৰ টেংকীটোৰ পৰা পানী উলিয়াই গো-মূত্ৰৰ জৰিয়তে বিশুদ্ধকৰণ কৰে।

এই ঘটনাই এতিয়া সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টি কৰিছে। অৱশ্যে পৰৱৰ্তী সময়ত সংশ্লিষ্ট এলেকাৰ আৰক্ষী বিষয়াই সেই গাওঁখনলৈ গৈ পিছপৰা শ্ৰেণীৰ লোকসকলক উলিয়াই নি পানী টেংকীৰ পৰা পানী খাবলৈ দি উচ্চ-নিচৰ বাচ-বিচাৰৰ এই সামাজিক ব্যাধিক দূৰ কৰিবলৈ চেষ্টা কৰে। এই সন্দৰ্ভত এক গোচৰো ৰুজু হৈছে।