'কেপ্টেইন' বিজয়কান্ত আৰু নাইঃ অন্ত পৰিল চলচ্চিত্ৰ, ৰাজনীতিৰ এক অধ্যায়...
'কেপ্টেইন' বিজয়কান্ত আৰু নাইঃ অন্ত পৰিল চলচ্চিত্ৰ, ৰাজনীতিৰ এক অধ্যায়... 
ৰাষ্ট্ৰীয়

'কেপ্টেইন' বিজয়কান্ত আৰু নাইঃ অন্ত পৰিল চলচ্চিত্ৰ, ৰাজনীতিৰ এক অধ্যায়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জনপ্ৰিয় তামিল অভিনেতা তথা ৰাজনৈতিক নেতা বিজয়কান্ত আৰু নাই। কোৰোনাত আক্ৰান্ত হৈ চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাত ৭১ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে।

জানিব পৰা মতে কোভিড আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে নিউম'নিয়া ৰোগতো আক্ৰন্ত হৈছিল তেওঁ। ইয়াৰ পাছত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল।

যাৰ বাবে তেওঁ ভিণ্টিলেটৰ চাপোৰ্ট চিষ্টেমত ৰখা হৈছিল। বৃহস্পতিবাৰে পুৱাই তেওঁ চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিছে।

বিজয়কান্ত আছিল ডি এম ডি কেৰ প্ৰতিষ্ঠাপক। মৃত্যুৰ সময়লৈকে তেওঁ এই দলটোৰ মূৰব্বী হিচাপে আছিল। ইফালে বোলছবি জগতত কৰা অভিনয়ৰ জৰিয়তে দক্ষিণ ভাৰতীয় লোকৰ হৃদয়ত স্থান লাভ কৰা বিজয়কান্ত অনুৰাগীসকলৰ মাজত কেপ্টেইন নামেৰে জনপ্ৰিয় হৈছিল।

কোভিড আক্ৰান্ত হোৱাৰ পূৰ্বে তেওঁ নৱেম্বৰ মাহত উশাহ লোৱাত সমস্যাৰ সন্মুখীন হৈছিল। তাৰ পাছত তেওঁ হাস্পতালত গৈ চিকিৎসাধীন হৈছিল যদিও সুস্থ হৈ পুনৰ ঘূৰি আহিছিল। কিন্তি এইবাৰ কোভিড আৰু নিউম'নিয়া ৰোগত আক্ৰান্ত হোৱাত পুনৰ সুস্থ হৈ নুঠিল।

চেলুলয়ডত বিজয়কান্তে নব্বৈৰ দশকৰ আৰম্ভণিতে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা বিজয়কান্তে ১৫০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। ২০১৪ ৰ লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ বিজেপি আৰু আন কেইবাটাও দলৰ সৈতে মিত্ৰতা স্থাপন কৰি প্ৰতিদ্বন্দিতা কৰিছিল।

এই নিৰ্বাচনত তামিলনাডুত কৰুণানিধিৰ ডি এম কে দলক অতিক্ৰম কৰি জয়াললিতা প্ৰধান প্ৰতিদ্বন্দি দল হৈ পৰিছিল বিজয়কান্তৰ ডিএমডিকেৰ মিত্ৰজোট। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ পত্নী প্ৰেমলতাৰ পৰামৰ্শ মতেই বিজেপিৰ সংগ ত্যাগ কৰিছিল।

এইগৰাকী প্ৰখ্যাত অভিনেতা তথা ৰাজনৈতিক নেতাৰ মৃত্যুত তেওঁৰ অনুৰাগীসকল শোকাহত হৈ পৰিছে। দেশৰ ভিন্ন স্তৰৰ লোকে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।