same sex marriage
same sex marriage  
ৰাষ্ট্ৰীয়

আইনী বৈধতা লাভ কৰিবনে সমকামী বিবাহে?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমকামী বিবাহে আইনী বৈধতা লাভ কৰিবনে নাই সেই সন্দৰ্ভত সোমবাৰে শুনানি গ্ৰহণ কৰিব দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ইয়াৰ পূৰ্বে ৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়কে ধৰি বিভিন্ন ন্যায়ালয়ত সমকামী বিবাহ সম্পৰ্কিত আবেদনসমূহ একত্ৰিত কৰিছিল।

 ১৩ মাৰ্চত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাক লৈ গঠিত এখন বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব ।

৬ জানুৱাৰীত ন্যায়ালয়ে কৈছিল যে এই বিষয়টো সন্দৰ্ভত সকলো আৱেদন একেলগে তালিকাভুক্ত কৰা হ'ব আৰু বিষয় সন্দৰ্ভত ১৩ মাৰ্চত শুনানি গ্ৰহণ কৰা হ'ব।

উল্লেখযোগ্য যে, যোৱা বছৰৰ ১৪ ডিচেম্বৰত শীৰ্ষ ন্যায়ালয়ে সমকামী বিবাহৰ স্বীকৃতিৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত বিচাৰাধীন আৱেদন সমূহ স্থানান্তৰ কৰিবলৈ বিচৰা দুখন আৱেদনৰ ওপৰত কেন্দ্ৰৰ সঁহাৰি বিচাৰিছিল।

আনহাতে ২০২২ বৰ্ষৰ ২৫ নৱেম্বৰত আন এক সমকামী বিবাহৰ আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল ন্যায়ালয়ে। আবেদনকাৰী সকলে তেওঁলোকৰ বিবাহ স্পেচিয়েল মেৰিজ এক্টত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰিছিল আৰু ইয়াৰ ওপৰতো কেন্দ্ৰৰ সঁহাৰি বিচাৰিছিল ন্যায়ালয়ে।

সমকামী বিবাহৰ আইনী স্বীকৃতিক লৈ কৰা যুঁজখন বহু দিন ধৰি চলি আছে। গতিকে এই সমকামী বিবাহে আইনী বৈধতা লাভ কৰিব নে নাই সেয়া হ'ব লক্ষণীয়।

উল্লেখ্য যে, ২০১৮ চনত উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰা হৈছিল। ইয়াৰ অধীনত সমকামী বা বিপৰীত লিংগ(প্ৰাপ্ত বয়স্ক) ৰ লোক সকলৰ মাজত সন্মতি সাপেক্ষে যৌন সম্পৰ্ক স্থাপন কৰাতো অপৰাধ নহয় বুলি কোৱা হৈছিল।