ইভিএমৰ ভোটৰ সৈতে VVPAT সম্পূৰ্ণ হিচাপ কৰিব লাগিবঃ উচ্চতম ন্যায়ালয়ৰ জাননী...
ইভিএমৰ ভোটৰ সৈতে VVPAT সম্পূৰ্ণ হিচাপ কৰিব লাগিবঃ উচ্চতম ন্যায়ালয়ৰ জাননী... 
ৰাষ্ট্ৰীয়

ইভিএমৰ ভোটৰ সৈতে VVPAT সম্পূৰ্ণ হিচাপ কৰিব লাগিবঃ উচ্চতম ন্যায়ালয়ৰ জাননী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ই ভি এমক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ আছে। ই ভি এম আঁতৰাই পুনৰ বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী শেহতীয়াকৈ তীব্ৰতৰ হৈছে। ই ভি এমৰ বিশ্বাসযোগ্যতাক লৈয়ো উত্থাপিত হৈছে প্ৰশ্ন।

তাৰ মাজতেই উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ ই ভি এম সন্দৰ্ভত জাৰি কৰিছে এক জাননী। সেই অনুসৰি সকলো ই ভি এমৰ ভোটৰ সৈতে ভি ভিপেট অৰ্থাৎ ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰায়েল শ্লীপ সম্পূৰ্ণকৈ হিচাপ কৰিব লাগিব।

উল্লেখ্য যে, বৰ্তমান ভোটগণনাৰ সময়ত এটা ই ভি এমৰ মাত্ৰ ৫ খন ভি ভি পেট পৰীক্ষা কৰি ই ভি এমে দিয়া ফলাফলকে চূড়ান্ত ফলাফল হিচাপে ঘোষণা কৰা হয়। উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত দাখিল কৰা আবেদনত আবেদনকাৰী তথা আইনজ্ঞ অৰুণকুমাৰ আগৰৱালে কয়, চৰকাৰে ২৪ লাখ ভি ভি পেট যন্ত্ৰ ক্ৰয় কৰাত প্ৰায় ৫ হাজাৰ কোটি টকা খৰচ কৰিছে। কিন্তু তাৰ মাজত মাত্ৰ ২০ হাজাৰ ভিভিপেট শ্লীপ হে সংশ্লিষ্ট ই ভি এমৰ ভোটৰ সৈতে মিলাই চোৱা হয়।

আবেদনকাৰীয়ে ন্যায়ালয়ত কয়, ভি ভি পেটৰ তথ্য আৰু ই ভি এমৰ ভোটাৰ মাজৰ প্ৰাৰ্থক্যৰ অনেক অভিযোগ আছে। সেয়ে সকলো ভি ভি পেট শ্লীপ গণনা কৰাৰ প্ৰয়োজন। সেয়ে ভি ভি পেট শ্লীপ এটা বেলত বক্সত পেলোৱাৰ অধিকাৰ দিব লাগে ভোটাৰক।

নিৰ্বাচন আয়োগৰ বিধি অনুসৰি এটাৰ পাছত এটাকৈ ই ভি এমৰ সৈতে ভি ভি পেট শ্লীপ মিলাই চোৱা হয়। সেই বিধিক ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে আবেদনকাৰীয়ে। আবেদনকাৰীৰ বক্তব্য আৰু অধিক সংখ্যক নিৰ্বাচনী বিষয়াক নিয়োগ কৰি বিধানসভাৰ কেন্দ্ৰৰ সকলো ভি ভি পেট শ্লীপ ৫/৬ ঘণ্টাৰ মাজত মিলাই চাব পাৰি।

উল্লেখ্য, ভি ভি পেট শ্লীপৰ সৈতে ই ভি এমত পৰা ভোট মিলাই চোৱা বিষয়টোক লৈ সৃষ্টি হোৱা বিতৰ্ক দীৰ্ঘদিনীয়া। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে একোটা বিধানসভাৰ অন্তৰ্গত অন্তত ৫০ শতাংশ ই ভি এমৰ ভি ভি পেট শ্লীপ মিলাই চোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ২১ টা বিৰোধী ৰাজনৈতিক দল।

তাৰ পূৰ্বে প্ৰতিটো বিধানসভা কেন্দ্ৰৰ যিকোনো এটা নিৰ্বাচিত ই ভি এমৰ ভি ভি পেট শ্লীপ সেই ই ভি এমৰ সৈতে মিলাই চোৱা হৈছিল। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে এই সংখ্যা ৫ টালৈ বৃদ্ধি কৰাৰ নিৰ্দেশ দিছিল।

মনকৰিবলগীয়া যে, ইয়াৰ পূৰ্বে সকলো ই ভি এমত পৰা ভোটৰ সৈতে ভি ভি পেট শ্লীপ মিলাই দেখাৰ আৰ্জিলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এছোচিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মচ।

ইফালে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই সন্দৰ্ভত কয়, ১০০ শতাংশ ই ভি এমৰ ভোট ভি ভি পেটৰ সৈতে মিলাই চোৱাৰ দাবীৰে বাৰেবাৰে নিৰ্বাচন কমিচনক সাক্ষাৎ কৰিবলৈ চাইছিল ইণ্ডিয়াৰ এটা প্ৰতিনিধি দলে। কিন্তু কমিচনে এই দলটোক সাক্ষাৎ কৰাত অস্বীকাৰ কৰে। এনে পৰিস্থিতিত নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ে জাৰি কৰা এই জাননী গুৰুত্বপূৰ্ণ প্ৰথম পদক্ষেপ হিচাপে বিবেচিত হৈছে। কিন্তু ইয়াক কাৰ্যকৰী কৰিবলৈ নিৰ্বাচন সমাপ্ত হোৱাৰ পূৰ্বেই গোচৰটোৰ সিদ্ধান্ত ল'ব লাগিব।