ৰাষ্ট্ৰীয়

পিতৃ-মাতৃৰ সতে জলপান খাই উঠি ছাত্ৰৰ ৰহস্যজনক মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজস্থানত মহাৰাষ্ট্ৰৰ ছাত্ৰৰ মৃত্যু। মঙলবাৰে ৰাজস্থানৰ কোটাস্থিত এটি কো'চিং চেন্টাৰত এগৰাকী মেধাৱী ছাত্ৰৰ ৰহস্যজনকভাৱে মৃত্যু হয়। প্ৰায় ১৭ বছৰ বয়সৰ ছাত্ৰগৰাকীয়ে কো'চিং চেন্টাৰটিত JEE পৰীক্ষাৰ বাবে প্ৰস্তুতি শিক্ষাগ্ৰহণ কৰিছিল।

স্থানীয় আৰক্ষীৰ ভাষ্য অনুসৰি, মেধাৱী ছাত্ৰগৰাকীয়ে আত্মহত্যা কৰাৰ ফলত মৃত্যু হয়। জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ ছাত্ৰগৰাকীৰ খা-খবৰ লোৱাৰ উদ্দেশ্যে মাক-দেউতাক কোটাত উপস্থিত হয়।

ইয়াৰ পাছতে ছাত্ৰগৰাকীৰ সৈতে পিতৃ-মাতৃয়ে একেলগে জলপান গ্ৰহণ কৰে। জলপান খাই উঠি তেওঁৰ পিতৃ-মাতৃ বাহিৰৰ ফালে ওলাই যায়। কিছুসময় পাছত মাক-দেউতাকে ঘূৰি আহি পুত্ৰক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। তাৰপাছতে ছাত্ৰগৰাকীৰ অভিভাৱকে আৰক্ষীক খবৰ দিয়ে।

ইতিমধ্যে শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অৱ্যাহত ৰাখিছে। উল্লেখ্য যে, ছাত্ৰগৰাকীয়ে দুমাহ পূৰ্বে JEE প্ৰস্তুতি শিক্ষাগ্ৰহণৰ উদ্দেশ্যে কোটালৈ আহিছিল।

ইয়াৰ পূৰ্বেও প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে অহা একাধিক শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱা বুলি সচেতন মহলে মন্তব্য কৰে। এনেবোৰ কাৰণৰ বাবে ৰাজস্থান চৰকাৰে কো'চিং চেন্টাৰসমূহ নিয়ন্ত্ৰণ কৰিবলৈ এখন আইন প্ৰস্তুত কৰাৰ পৰিকল্পনা হাতত লৈছে।