ৰাষ্ট্ৰীয়

ৰামকৃষ্ণ মিছনৰ অধ্যক্ষ স্বামী স্মৰণানন্দ পৰলোকপ্ৰাপ্তি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰামকৃষ্ণ মিছনৰ অধ্যক্ষ স্বামী স্মৰণানন্দৰ মঙলবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত স্বামী স্মৰণানন্দৰ বয়স আছিল ৯৫ বছৰ। ২০১৭ চনত তেওঁ ৰামকৃষ্ণ মিছনৰ ১৬ তম অধ্যক্ষ হৈছিল।

তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সত লিখিছে যে- ''ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ শ্ৰদ্ধেয় অধ্যক্ষ শ্ৰীমত স্বামী স্মৰণানন্দ জী মহাৰাজে তেওঁৰ জীৱন আধ্যাত্মিকতা আৰু সেৱাৰ বাবে উৎসৰ্গিত কৰিছিল। তেওঁৰ ৰু জ্ঞানে সকলো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

বহু বছৰ ধৰি তেওঁৰ সৈতে মোৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছিল। ২০২০ চনত বেলুৰ মঠভ্ৰমণৰ কথা মনত আছে যেতিয়া মই তেওঁৰ সৈতে বাৰ্তালাপ কৰিছিলো। কেইসপ্তাহমান আগতে কলকাতাত, মই চিকিৎসালয়লৈ গৈছিলো আৰু তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰিছিলো। বেলুৰ মঠৰ অগণন ভক্তৰ প্ৰতি মোৰ সমবেদনা। ওম শান্তি''।

জানিব পৰা মতে ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ অধ্যক্ষ শ্ৰীমত স্বামী স্মৰণানন্দ মহাৰাজে নিশা ৮.১৪ বজাত মহাসমাধি গ্ৰহণ কৰে। উশাহ-নিশাহৰ সমস্যাৰ বাবে ২৯ জানুৱাৰীত তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল আৰু ৩ মাৰ্চৰ পৰা ভেন্টিলেটৰত আছিল।