সোনম ৱাংচুকৰ ২১ দিনীয়া অনশনৰ সমাপ্তি...
সোনম ৱাংচুকৰ ২১ দিনীয়া অনশনৰ সমাপ্তি... 
ৰাষ্ট্ৰীয়

সোনম ৱাংচুকৰ ২১ দিনীয়া অনশনৰ সমাপ্তি...

Asomiya Pratidin

ডিজিটেল ডেস্ক : লাডাখক ৰক্ষা কৰাৰ স্বাৰ্থত যোৱা ২১ টা দিনে অনশনেৰে প্ৰতিবাদ কৰা জলবায়ু কৰ্মী তথা উদ্ভাৱক সোনম ৱাংচুকে তেওঁৰ এই অনশন কাৰ্যসূচী মঙ্গলবাৰে সন্ধিয়া সামৰণি মাৰে। লাডাখক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিকৰণৰ দাবীৰে কৰা এই অনশনৰ সময়ছোৱাত তেওঁ কেৱল নিমখীয়া পানী সেৱন কৰিছিল।

এনে কঠোৰ প্ৰতিবাদে ২১ টা দিন অতিক্ৰম কৰাৰ পাছত এই প্ৰতিবাদৰ সামৰণি মাৰি তেওঁ দৃঢ়তাৰে কয়, লাডাখক ৰক্ষাৰ স্বাৰ্থত তেওঁৰ এই প্ৰতিবাদ অব্যাহত থাকিব। তেওঁ কয়, মই লাডাখক ৰক্ষাৰ বাবে সাংবিধানিক সুৰক্ষাৰ উপায়সমূহ আৰু লাডাখৰ বাসিন্দাসকলৰ ৰাজনৈতিক অধিকাৰসমূহৰ সুৰক্ষাৰ বাবে যুঁজ অব্যাহত ৰাখিম।

বিগত ২১ টা দিনত সোনম ৱাংচুকৰ এই প্ৰতিবাদলৈ সমৰ্থন জনাইছিল লাডাখৰ সৰ্বস্তৰৰ ৰাইজে। প্ৰায় প্ৰতিদিনেই তেওঁৰ সৈতে প্ৰতিবাদস্থলীত আহি সমবেত হৈছিল হাজাৰ হাজাৰ লোক। নিশা মুকলি আকাশৰ তলতেই সোনম ৱাংচুকৰ সৈতে পাৰ কৰিছিল কেইবাশ প্ৰতিবাদকাৰীয়ে।

আজি তেওঁ এই অনশনৰ কাৰ্যসূচী সামৰণি মৰাৰ সময়ত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা আহি হাজাৰ হাজাৰ লোক প্ৰতিবাদস্থলীত একত্ৰিত হয়। ইফালে এই সময়তে লাডাখৰ মহিলাসকলে সোনম ৱাংচুকে আৰম্ভণি কৰা অনশনৰ কাৰ্যসূচী তেওঁলোকে আগুৱাই নিব বুলিও ঘোষণা কৰে। এইবাৰ লাডাখৰ মহিলাসকলে একত্ৰিতভাৱে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে অনশন কৰিব।

আজি অনশন কাৰ্যসূচী সামৰণি মৰাৰ সময়তে সোনম ৱাংচুকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁ লাডাখৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈও দাবী উত্থাপন কৰে। এক্সত তেওঁ আপলোড কৰা এটা ভিডিঅ'ত এইবাৰৰ সাধাৰণ নিৰ্বাচনত লাডাখৰ ৰাইজক ভাবি চিন্তি ভোট দিবলৈও আহ্বান জনাইছে।

উল্লেখ্য যে, যোৱা ৬ মাৰ্চৰ পৰা সোনম ৱাংচুকে আৰম্ভ কৰিছিল তেওঁৰ এই অনশন কাৰ্যসূচী। লেহত থকা এপেক্স বডী আৰু কাৰ্গিল ডেমক্ৰেটিক এলায়েন্সৰ সৈতে আলোচনাৰ পাছত আৰম্ভ কৰা এই অনশনৰ কাৰ্যসূচীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ নকৰিলে যদিও অন্তিম পৰ্যায়ত সামাজিক মাধ্যমৰ জৰিয়তে ব্যাপক চৰ্চাৰ মাধ্যমলৈ আহে। লাডাখৰ এই দুই সংগঠনেও লাডাখক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়াৰ লগতে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপনেৰে প্ৰতিবাদ কৰি আহিছে।

লাডাখৰ শূন্য ডিগ্ৰীৰ তলৰ তাপমানৰ পৰিৱেশত গাত এখন কম্বল লৈয়ে মুকলি আকাশৰ তলত দিনে নিশাই অনশন কৰি প্ৰতিবাদ কৰা সোনম ৱাংচুক যথেষ্ট দুৰ্বল হৈয়ো পৰা পৰিলক্ষিত হৈছে। প্ৰায় প্ৰতিদিনেই অৱশ্যে চিকিৎসকে তেওঁক পৰ্যবেক্ষণ কৰি আহিছিল।

অনশন সামৰিলে যদিও সোনম ৱাংচুকে লাডাখক কেন্দ্ৰ কৰি মুঠ ৫ টা দাবী পূৰণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে এই দাবীসমূহ কাৰ্যকৰীকৰিবলৈ প্ৰতিবাদ কৰি যাব বুলিও কয়। লাডাখক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া, ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ উপৰিও তেওঁৰ আন ৩ টা দাবী হৈছে লেহ আৰু কাৰ্গিল জিলাক সামৰি পৃথক লোকসভা সমষ্টি গঠন, লাডাখত স্থানীয় লোকক ভূমি আৰু স্থানীয় চৰকাৰী চাকৰিৰ অধিকাৰ আৰু লাডাখত লোকসেৱা আয়োগ গঠন।

উল্লেখ্য যে, এইগৰাকী সোনম ৱাংচুকে ইতিমধ্যে তেওঁৰ বৈজ্ঞানিক উদ্ভাৱণীৰে বিশ্বজুৰি চৰ্চিত হৈছে। তেওঁ লাভ কৰিছে ৰমন মেগছেছে বঁটাও লাভ কৰিছে। তেওঁৰ জীৱনৰ পৰা অনুপ্ৰাণিত বলিউডৰ সৰ্বকালৰ অন্যতম জনপ্ৰিয় ছবি 'থ্ৰী ইডিয়টছ' ৰেঞ্চো চৰিত্ৰতো নিৰ্মাণ কৰা হৈছিল।