ৰাষ্ট্ৰীয়

চাৰিওফালে কেৱল বৰফ! অসুস্থ ৮০ বছৰীয়া বৃদ্ধাক উদ্ধাৰ কৰিলে ভাৰতীয় জোৱানে...

Asomiya Pratidin

ডিজিটেল ডেস্ক: তুষাৰপাতৰ মাজতে এগৰাকী বৃদ্ধাক উদ্ধাৰ কৰে ভাৰতীয় সেনাই। জম্মু-কাশ্মীৰৰ দূৰৱৰ্তী এখন গাঁৱৰ পৰা তীব্ৰ বিষত ভুগি থকা এগৰাকী বৃদ্ধ মহিলাক উদ্ধাৰ কৰে সেনাই।

জানিব পৰা মতে শুকুৰবাৰে তুষাৰপাতৰ মাজেৰে খোজ কাঢ়ি মহিলাগৰাকীৰ ওচৰলৈ গৈছিল সেনাজোৱান সকল। আৰু তাৰপাছত বৃদ্ধা গৰাকীক পিঠিত তুলি এখন চিকিৎসালয়লৈ লৈ গৈছিল।

সেনাই এক বিবৃতিত কয়, ভাৰতীয় সেনাৰ দলটোৱে দূৰৱৰ্তী জাবৰি গাঁৱৰ বাসিন্দা মীৰ মহম্মদৰ পৰা লাভ কৰা আহ্বান মৰ্মে তেওঁৰ ৮০ বছৰীয়া পত্নীক হাস্পাতাললৈ লৈ গৈছিল। তেওঁ জ্বৰ, বিষ আৰু অন্যান্য ৰোগত আক্ৰান্ত হৈছিল।

এটা ভিডিঅত দেখিবলৈ পোৱা অনুসৰি সেনা সকলে এক আঁঠুৰ গভীৰ বৰফৰ মাজেৰে খোজ কাঢ়ি অসুস্থ মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈছিল।তাৰপাছতে বৃদ্ধা মহিলা গৰাকীক পিঠিত তুলি আনিছিল।

সেনা জোৱান কেইজনৰ এই কামৰ সকলোৱে শলাগ লৈছে আৰু এই ভিজিঅটি বৰ্তমান ভাইৰেল হৈ পৰিছে।

আৰু পঢ়ক: ন্যায় পালে কিশোৰীয়ে, অপহৰণকাৰীক ২০ বছৰৰ কাৰাদণ্ড