ৰাষ্ট্ৰীয়

ৰাজনৈতিক নেতাৰ আক্ৰমণত প্ৰাণ গ'ল সেনা জোৱানৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক: এজন ৰাজনৈতিক নেতাৰ আক্ৰমণত প্ৰাণ হেৰুৱালে সেনা জোৱানে। এজন, দুজন নহয়, কেইবাজনো লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক। এই ঘটনা সংঘটিত হৈছে তামিলনাডুত।

তামিলনাডুৰ কৃষ্ণগিৰি জিলাত ডিএমকে কাউন্সিলাৰৰ আক্ৰমণত নিহত হয় এজন ২৯ বছৰীয়া সৈনিক। প্ৰভু নামৰ সৈনিকজনে জম্মু-কাশ্মীৰত সেৱা আগবঢ়াইছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি সৈনিক জন আৰু ডিএমকেৰ কাউন্সিলাৰ চিন্নাচামীৰ মাজত ৰাজহুৱা টেংকত কাপোৰ ধোৱাক লৈ কাজিয়াৰ সৃষ্টি হৈছিল।

তাৰ পাছতেই ৮ ফেব্ৰুৱাৰীত নেতা জনৰ লগত একাধিক লোকে সেনা বিষয়া আৰু তেওঁৰ ভাতৃক আক্ৰমণ কৰিছিল ।এই আক্ৰমণত সৈনিকজনৰ ভায়েক প্ৰভাকৰণো আহত হয়।

প্ৰভুক প্ৰথম অৱস্থাত হস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও ১৪ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়।

ঘটনা সন্দৰ্ভত ইতিমধ্যেই ৬ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নেতা গৰাকীক।

এই ঘটনাৰ পাছতেই জাঙুৰ খাই উঠিছে বহু দল-সংগঠনে। লগতে ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে।

আৰু পঢ়ক: আমাৰ কৃষ্টি-সংস্কৃতি আমি নিজেই ৰক্ষা কৰিব লাগিব: মন্ত্ৰী পীযুষ হাজৰীকা