ৰাষ্ট্ৰীয়

নিৰ্বাচন খেলিবৰ বাবে সন্ত্ৰাসবাদী সংগঠন PFI ৰ সমৰ্থন লাভ কৰিছে ৰাহুল গান্ধীয়েঃ স্মৃতি ইৰানী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন সমাগত। এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। এইবাৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বায়নাডৰ পৰা।

ইয়াৰ মাজতে সোমবাৰে আমেঠীত সাংসদ স্মৃতি ইৰানীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, মই জানিব পাৰিছো যে ৰাহুল গান্ধীয়ে বায়নাডৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। কেৱল ইমানেই নহয়, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁ সন্ত্ৰাসবাদী সংগঠন পিএফআইৰ সমৰ্থন লাভ কৰিছে। ৰাহুলে আমেঠীক অপমান কৰিছে। কংগ্ৰেছত এটা অংশ আছে যিয়ে ৰাহুলক নেতৃত্বৰ পৰা অব্যাহতি দিয়াটো বিচাৰে আৰু এগৰাকী মহিলাক দলৰ শাসনভাৰ দিয়াটো বিচাৰে। এয়া কংগ্ৰেছ বনাম কংগ্ৰেছ।

ৰাহুল গান্ধীয়ে বায়নাডক নিজৰ পৰিয়াল হিচাপে মানি ল'লে। আমেঠীৰ লগত সতীয়া ব্যৱহাৰ কৰিলে। ১৫ বছৰ ধৰি আমেঠীয়ে কৰা বিশ্বাসৰ অন্তত কি পালে?  অন্তৰ্দ্বন্দ্বৰ বাবে কংগ্ৰেছে নিজৰ প্ৰাৰ্থী ঘোষণা কৰা নাই। ৰাহুল গান্ধী পুনৰ আমেঠীৰ পৰা পৰাজিত হ'ব। তেওঁ কয়, আমেঠীয়ে ৰাহুলৰ বিৰুদ্ধে যুঁজ দিব। ৰাহুলে আমেঠি ত্যাগ কৰিছে।

আনহাতে মোডী চৰকাৰৰ প্ৰশংসা কৰি স্মৃতি ইৰানীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেঠীৰ বিকাশ কৰিছে। আমেঠীৰ ১৯ লাখ মানুহক মোডী চৰকাৰে বিনামূলীয়া খাদ্য যোগান ধৰিছে।

 উল্লেখ্য যে, এইবাৰ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচন ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। ১ জুনত সমাপ্ত হ'ব নিৰ্বাচন আৰু ফলাফল ঘোষণা হ'ব ৪ জুনত।