ছেংগুল
ছেংগুল 
ৰাষ্ট্ৰীয়

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিলে ছেংগুল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেওবাৰে মুকলি কৰা হ'ল নতুন সংসদ ভৱনৰ । প্ৰধানমন্ত্ৰী মোডীয়ে নৱ নিৰ্মিত সংসদ ভৱনৰ মুকলি কৰে । ইতিমধ্যেই প্ৰধানমন্ত্ৰী মোডীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপস্থিতত স্থাপন কৰে ছেংগুল । ছেংগুল হৈছে ভাৰতৰ ক্ষমতাৰ ৰাজদণ্ড । ব্ৰিটছৰ পৰা নিজৰ হাতলৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰুৱে ৰাজদণ্ড লাভ কৰিছিল ।

ছেংগুল

পিছত এই ৰাজদণ্ড এলাহাবাদ যাদুঘৰত সংৰক্ষিত কৰি থোৱা হৈছিল । আৰু কিছুদিনৰ পূৰ্বে নতুন সংসদৰ লোকসভাৰ অধ্যক্ষৰ আসনৰ কাষত প্ৰতিষ্ঠা কৰিবৰ বাবে এই ৰাজদণ্ড দিল্লীলৈ অনা হৈছিল । আৰু আজি মাংগলিক নীতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ছেংগুল প্ৰতিষ্ঠা কৰিছে । ১৯৪৭ চনতে নিৰ্মাণ কৰা এই ছেংগুল পাঁচ ফুট দৈঘ্যৰ।

ছেংগুল

এই ৰাজদণ্ড নিৰ্মাণ কৰিছিল ভূমিধি বাংগাৰু ছেট্টী নামৰ এজন সোণাৰীয়ে । তেওঁ ৰাজদণ্ডত খোদিত কৰিছিল ভগৱান শিৱৰ বাহন নন্দীক । এই নন্দীক ন্যায় আৰু ক্ষমতাৰ প্ৰতীক হিচাপে খোদিত কৰা হৈছে ।