ইনষ্টাগ্ৰামত ফ'ল'ৱাৰ্ছ বঢ়াবলৈ গৈ ৰে'লৰ খুন্দাত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ...
ইনষ্টাগ্ৰামত ফ'ল'ৱাৰ্ছ বঢ়াবলৈ গৈ ৰে'লৰ খুন্দাত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ... 
ৰাষ্ট্ৰীয়

ইনষ্টাগ্ৰামত ফ'ল'ৱাৰ্ছ বঢ়াবলৈ গৈ ৰে'লৰ খুন্দাত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাইৰেল হোৱাৰ ইচ্ছা। ফেচবুক, ইনষ্টাগ্ৰামত ভাইৰেল হোৱাৰ বাবে কোনে, কি কৰা নাই ! ফ'ল'ৱাৰ্ছ বঢ়াবলৈ কোনোবাই যদি নিজৰ প্ৰতিভা সামাজিক মাধ্যমত বিভিন্ন ধৰণে দাঙি ধৰিছে তাৰ মাজতে আন একাংশ প্ৰতিভাহীনে আকৌ নকৰিবলগীয়া কিবা কিবি কৰিয়েই ফ'ল'ৱাৰ্ছ বঢ়োৱাৰ নিগনী দৌৰত নামি পৰিছে।

কোনোবাই এফালৰ পৰা খুলি গৈছে দেহৰ পোছাক, আন কোনোবাই আকৌ কৰিছে ভয়ংকৰ ষ্টাণ্ট। এনে ষ্টাণ্টৰ পৰিণিতত বহুতেই হেৰুৱাবলগীয়া হৈছে প্ৰাণ। সৌ সিদিনা এজন জনপ্ৰিয় ইউটিউবাৰে ঘণ্টাত ৩০০ কিলোমিটাৰ স্পীডত বাইক চলাবলৈ গৈ মৃত্যু মুখত পৰাৰ খবৰ ব্যাপক ৰূপত প্ৰচাৰ হৈ থকাৰ মাজতে এইবাৰ আন এক ষ্টাণ্ট কৰিবলৈ গৈ নৱম শ্ৰেণীৰ ছাত্ৰ ৰে’লৰ আগত পৰি মৃত্যু মুখত পৰিবলগীয়া হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

ইনষ্টাগ্ৰামৰ বাবে ষ্টাণ্ট কৰি ৰীল বনাবলৈ গৈ মৃত্যুমুখত পৰা এই নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীৰ নাম ছৰফৰাজ। ঘটনাৰ বিৱৰণী অনুসৰি ইনষ্টাগ্ৰামৰ বাবে ৰীল বনাবলৈ ৰে’ল লাইনৰ মাজেৰে দৌৰিছিল এই ছাত্ৰজনে।

তেওঁৰ লগত আছিল আন দুই সতীৰ্থ। তাৰে এজনে কৰিছিল ভিডিঅ’। কিন্তু হঠাৎ দুৰ্ভাগ্যজনক ভাৱে ছৰফৰাজ ৰে’ল লাইনত আৱদ্ধ হৈ পৰে আৰু ৰে’লৰ খুন্দাত ছিন্ন বিচ্ছিন্ন হৈ পৰে ছৰফৰাজৰ দেহ।

এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ সনৎ নগৰ অঞ্চলত। ঘটনাৰ পিছতে আৰক্ষীয়ে ছৰফৰাজৰ ছিন্ন বিচ্ছিন্ন মৃতদেহৰ টুকুৰা সংগ্ৰহ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ভিডিঅ’ কৰিবৰ বাবে ব্যৱহাৰ কৰা ছৰফৰাজৰ মোবাইল ফোনটোও। সবিশেষ তদন্তৰ বাবে আৰক্ষীয়ে আটক কৰিছে দুই সতীৰ্থকো।