কিয় পদোন্নতি হ'ল ৰাহুল গান্ধীক কাৰাদণ্ড বিহা চুৰাট আদালতৰ দণ্ডাধীশক? উচ্চতম ন্যায়ালয়ে বিচাৰিছে উত্তৰ...
কিয় পদোন্নতি হ'ল ৰাহুল গান্ধীক কাৰাদণ্ড বিহা চুৰাট আদালতৰ দণ্ডাধীশক? উচ্চতম ন্যায়ালয়ে বিচাৰিছে উত্তৰ... 
ৰাষ্ট্ৰীয়

কিয় পদোন্নতি হ'ল ৰাহুল গান্ধীক কাৰাদণ্ড বিহা চুৰাট আদালতৰ দণ্ডাধীশৰ? উচ্চতম ন্যায়ালয়ে বিচাৰিছে উত্তৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অভিযোগ উত্থাপন হোৱাৰ দৰেই ন্যায়পালিকাক বিজেপি চৰকাৰে ব্যৱহাৰ কৰিছে নেকি? বিশেষকৈ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক লঘু দোষত গুৰু শাস্তি প্ৰদান কৰাৰ পাছতে এই বিষয়টোৱে চৰ্চা লাভ কৰিছিল।

সেই চৰ্চাক মান্যতা প্ৰদান কৰিলে এই গোচৰৰ ৰায়দান কৰা দণ্ডাধীশগৰাকীৰ পদোন্নতিৰ বিষয়টোৱে। শেহতীয়াকৈ এক নিৰ্দেশনা অনুসৰি গুজৰাটৰ মুঠ ৬৮ গৰাকী দণ্ডাধীশক বদলি তথা পদোন্নতি দিয়া হৈছে।

এই ৬৮ গৰাকী দণ্ডাধীশৰ ভিতৰত মাত্ৰ ৫ গৰাকী দণ্ডাধীশক পদোন্নতি দিয়া হৈছিল। এই ৫ গৰাকী দণ্ডাধীশৰ মাজত আছিল ৰাহুল গান্ধীক মানহানিৰ গোচৰত ২ বছৰৰ কাৰাদাণ্ড বিহা চুৰাটৰ নিম্ন আদালতৰ দণ্ডাধীশ এইছ এইছ শৰ্মাও।

ৰাহুল গান্ধীৰ গোচৰৰ ৰায়দান কৰাৰ মাত্ৰ ডেৰমাহ পিছতেই তেওঁক এইদৰে পদোন্নতি দিয়া বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল। তাৰ মাজতে গুজৰাট চৰকাৰৰ দুই উচ্চ পদস্থ বিষয়াৰ দাবী আছিল ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহা এইছ এইছ শৰ্মাক পদোন্নতি নিয়মবিৰোধ।

কেৱল এইছ এইছ শৰ্মাই নহয়, এই গোটেই বদলি আৰু পদোন্নতিৰ নিৰ্দেশনাই আছিল নিয়বিৰোধী। এই বদলি আৰু পদোন্নতিৰ সিদ্ধান্তক পৰীক্ষা কৰা উচিত। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক আৱেদনো দাখিল কৰা হৈছে।

উচ্চতম ন্যায়ালয়েও বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি এই আৱেদন গ্ৰহণ কৰিছে। উল্লেখ্য যে, মানহানিৰ এক গোচৰত বিগত ২৩ মাৰ্চত ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড বিহিছিল চুৰাটৰ নিম্ন আদালতে।

দণ্ডাধীশ এইছ এইছ শৰ্মাই প্ৰদান কৰা এই ৰায়ৰ এদিন পাছতেই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল। তাৰ কেইদিমানৰ পাছতেই ৰাহুল গান্ধীয়ে এৰিবলগীয়া হৈছিল সাংসদ হিচাপে দিল্লীত লাভ কৰা তেওঁৰ বাসগৃহ।

ৰাহুল গান্ধীক শাস্তি বিহা সেই দণ্ডাধীশ এইছ এইছ শৰ্মাক চুৰাটৰ নিম্ন আদালতৰ দণ্ডাধীশৰ পৰা ৰাজকুটৰ অতিৰিক্ত জিলা ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হৈছে। তেওঁৰ সৈতে মুঠ ৫ জন দণ্ডাধীশে পদোন্নতি লাভ কৰিছে।

গুজৰাট উচ্চ ন্যায়ালয়ৰ পৰা জাৰি হোৱা এই একেটা নিৰ্দেশনাত মুঠ ৬৮ গৰাকী দণ্ডাধীশক বদলি কৰা হৈছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰা দুই উচ্চ পদস্থ বিষয়াৰ দাবী কিহৰ ভিত্তিত এইছ এইছ শৰ্মাকে ধৰি ৫ জন দণ্ডাধীশক পদোন্নতি দিয়া হ’ল?

তেওঁলোকে দাবী কৰিছে এই নিৰ্দেশনা পুনৰ পৰীক্ষা কৰা উচিত। যোগ্যতাৰ ভিত্তিত নতুনকৈ পদোন্নতিৰ ব্যৱস্থা কৰা হওক। এই আৱেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰৰ সচিবৰ পৰা উত্তৰ বিচাৰিছে।

উচ্চ ন্যায়ালয়ে জানিব বিচাৰিছে এই বিচাৰকসকলক ইমান খৰখেদাকৈ কিয় বদলি তথা পদোন্নতি দিয়া হ’ল? পদোন্নতি আৰু বদলিৰ এই তালিকা কিহৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ এই প্ৰশ্নত এতিয়া বিব্ৰত হৈছে গুজৰাট চৰকাৰ।