supreme court
supreme court  
ৰাষ্ট্ৰীয়

শুনানিৰ লাইভ সম্প্ৰচাৰে আদালতক মানুহৰ হৃদয়লৈ লৈ গৈছেঃ উচ্চতম ন্যায়ালয়

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ মঙলবাৰে কয় যে আদালতৰ শুনানিৰ লাইভ সম্প্ৰচাৰে ন্যায়ালয়ক সাধাৰণ নাগৰিকৰ ঘৰ আৰু হৃদয়লৈ লৈ গৈছে । এয়াও চেষ্টা চলাই থকা হৈছে যে যাতে অধিক লোকে এয়া বুজি পাব পাৰে । তাৰ বাবে ইংৰাজীৰ বাহিৰে যাতে অন্য ভাষাত লাইভ-ষ্ট্ৰীম কৰিব পৰা যায় তাৰ ওপৰত চিন্তা-চৰ্চা চলাই থকা হৈছে।

মুখ্য ন্যায়াধীশ ডি চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচ জনীয়া বিচাৰপীঠে সমকামী বিবাহৰ ওপৰত শুনানি প্ৰদান কৰি থকা সময়ত এই মন্তব্য কৰে।

জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে কয় যে কাৰ্যক্ৰমৰ এক গুৰুত্বপূৰ্ণ ফলাফল হৈছে যে সমাজত মন্থন হৈছে । এই বিতৰ্ক আৰু দেশৰ বিভিন্ন কোণত লাইভ ষ্ট্ৰীমিং হোৱাৰ বাবে মানুহে বিষয়টো সম্পৰ্কে চিন্তা কৰি আছে।

মুখ্য ন্যায়ধীশ গৰাকীয়ে কয় যে , "আদালতৰ প্ৰক্ৰিয়াৰ লাইভ ষ্ট্ৰীমিঙে সঁচাকৈয়ে আদালতক সামগ্ৰিকভাৱে সাধাৰণ নাগৰিকৰ ঘৰ আৰু হৃদয়লৈ লৈ গৈছে । মই ভাবো সেয়া প্ৰক্ৰিয়াটোৰ এটা অংশ।

দ্বিবেদীয়ে কয় যে আদালতত শুনানি ইংৰাজীত হয়। গতিকে বহু লোকে ইযাক বুজি পোৱাত অসুবিধা হয়। ইয়াৰ ক্ষেত্ৰত মুখ্যন্যায়ধীশ গৰাকীয়ে কয় যে আপুনি শুনিলে আচৰিত হব যে আমি ইয়াৰ ওপৰতো কাম কৰি আছো যাতে সকলোলোকৰে ইয়াক বুজি পোৱাত অসুবিধা নহয়।

উল্লেখ্য যে, সমকামী বিবাহৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি হৈ আছে। সমকামী বিবাহক বৈধতা প্ৰদান কৰা হ'ব নে নহয় এই ক্ষেত্ৰত কেন্দ্ৰই এক কমিটিও গঠন কৰিছে।