ৰাষ্ট্ৰীয়

'আপ'ক বিদায় অভিনেত্ৰী সম্ভাৱনা শেঠৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : লোকসভা নিৰ্বাচনৰ পূৰ্বেই আম আদমি পাৰ্টীত খহনীয়া। নিজৰ ভুল সিদ্ধান্তৰ কথা চিন্তা কৰি আপ এৰিলে এগৰাকী মোহময়ী অভিনেত্ৰীয়ে।

ভোজপুৰী চিনেমাৰ মোহময়ী অভিনেত্ৰী তথা বিগ বছ নামৰ ৰিয়েলিটি শ্ব'ৰ প্ৰতিদ্বন্দ্বী সম্ভাৱনা শেঠে আম আদমি পাৰ্টী ত্যাগ কৰে। অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে আপ ত্যাগ কৰা কথা ৰাজহুৱা কৰে।

অভিনেত্ৰী শেঠে উল্লেখ কৰে যে, আপত যোগদান কৰি তেওঁ কৰা ভুল বুজি পাইছে। নিজৰ ভুল সিদ্ধান্তৰ বাবেই হেনো তেওঁ দলটোত যোগদান কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩বৰ্ষৰ জানুৱাৰীত সম্ভাৱনাই আপত যোগদান কৰিছিল।