ৰাষ্ট্ৰীয়

২৪ টা ভাষা সামৰি ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা

Asomiya Pratidin

ডিজিটেল ডেস্ক : বুধবাৰে ঘোষণা কৰা হ'ল ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা। ২৪ টা ভাষা সামৰি ঘোষণা কৰা হৈছে এই বৰ্ষৰ সাহিত্য অকাডেমি বঁটা। কাব্য সংকলন, উপন্যাস, চুটি গল্প, ৰচনা সাহিত্য আৰু সাহিত্য গৱেষণা পত্ৰ এই ৫টা শিতানত বঁটা ঘোষণা কৰা হৈছে।

৭২ গৰাকী জুৰি সদস্যই মিলি প্ৰস্তুত কৰি উলিয়াইছে এই বৰ্ষৰ ২৪গৰাকী সাহিত্য অকাডেমি বঁটাপ্ৰাপকৰ নাম। উল্লেখযোগ্য যে ৯খন কবিতা পুথি, ৬খন উপন্যাস, ৫খন চুটি গল্প পুথি, ৩খন ৰচনা সাহিত্য আৰু ১খন সাহিত্য গৱেষণা পত্ৰই সাহিত্য অকাডেমি বঁটা পাবলৈ সক্ষম হৈছে।

ইয়াৰ ভিতৰত অসমৰ ড০ প্ৰণৱজ্যোতি বৰুৱালৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা। তেওঁৰ 'শ্ৰেষ্ঠ গল্প' শীৰ্ষক গ্ৰন্থৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা। আনহাতে বড়ো সাহিত্যৰ বাবে নন্দেশ্বৰ দৈমাৰীলৈ 'জিউ সাফৰনি দাখেন' শীৰ্ষক গ্ৰন্থৰ বাবে আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা। তেওঁ চুটি গল্পৰ শিতানত লাভ কৰে এই বঁটা।

উল্লেখযোগ্য যে ড০ প্ৰণৱজ্যোতি বৰুৱাৰ 'শ্ৰেষ্ঠ গল্প' গ্ৰন্থখনে ২০২২ বৰ্ষত অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিছিল। ইয়াৰোপৰি তেওঁৰ ৰচনাৰাজিৰ মাজত আছে 'সেয়েহে কৈলাশনাথ', 'একুৰ বছৰৰ গল্প', 'এজাক এলেহুৱা কাউৰীৰ সাধু', 'বেৱাৰিছ লাছ আৰু অন্য গল্প','বিহুৱতী চৰাই আৰু অন্য গল্প', আদি।

ইফালে নেপালী সাহিত্যৰ বাবে ৰচনা সাহিত্যৰ শিতানত যুদ্ধবীৰ ৰাণাই লাভ কৰে সাহিত্য অকাডেমি বঁটা। তেওঁৰ 'নেপালী লোকসাহিত্য ৰা লোকসংস্কৃতিকো পৰিচায়া' শীৰ্ষক গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰে।

উল্লেখ্য যে, মুঠ ২৪টা ভাষাত আগবঢ়োৱা সাহিত্য অকাডেমি বঁটাৰ বাবে জুৰী সদস্য আছিল ৭২গৰাকী। ইয়াৰে অসমীয়া ভাষাত জুৰী সদস্য হিচাপে আছিল ড০ ভীমকান্ত বৰুৱা, ড০ ৰীতা চৌধুৰী আৰু ড০ লুটফা হানুম চালিমা বেগম। একেদৰে বড়ো ভাষাত আছিল গোপীনাথ বৰগয়াৰী, যতীন্দ্ৰ নাথ স্বৰ্গীয়াৰী আৰু থানেশ্বৰ গয়াৰী।

আনহাতে বঙালী ভাষাত বাণা বসু,নলনী বেৰা আৰু শিৱাষিশ মুখাৰ্জী। উড়িয়াত হৰপ্ৰসাদ দাস, অধ্যাপক কালীদাস মিশ্ৰ আৰু ৰাজেন্দ্ৰ কিশোৰ পাণ্ডা। একেদৰে নেপালী ভাষাত ড০ চিন্তামণি শৰ্মা, হৰেণ অলে আৰু এছ আৰ চুব্বা। সংস্কৃত ভাষাত জুৰী সদস্য হিচাপে আছিল হৰ্ষদেৱ মাধৱ, অধ্যাপক কে ৰামসূৰ্য্যনাৰায়ণ আৰু অধ্যাপক কামেশ্বৰ শুক্লা।