ড০ প্ৰণৱ জ্যোতি ডেকালৈ ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা...

ড০ প্ৰণৱ জ্যোতি ডেকালৈ ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা...

ডিজিটেল ডেস্কঃ লবীকেন্দ্ৰিক ঠেলা-হেঁচা ওফৰাই অৱশেষত ড০ প্ৰণৱ জ্যোতি ডেকাৰ 'শ্ৰেষ্ঠ গল্প'ই আজুৰি আনিলে বহু প্ৰত্যাশিক সাহিত্য অকাডেমী (অসমীয়া ভাষাৰ) সন্মান। অসমীয়া প্ৰতিদিন ডিজিটেলে সেই সম্ভাৱণা আৰু আশংকা আগতীয়াকৈ পুৱাৰ ভাগতেই প্ৰকাশ কৰিছিল। সেই সম্ভাৱনাই সত্য প্ৰমাণিত কৰি বিশিষ্ট গৱেষক, সাহিত্যিকগৰাকীক এই সন্মানৰ বাবে নিৰ্বাচিত কৰা প্ৰক্ৰিয়াত নতুন দিল্লীত অনুষ্ঠিত হোৱা অকাডেমীৰ বৈঠকত শেষ ছীল মোহৰ মৰা হ'ল দুপৰীয়া ১২.৪৫ বজাত।

২০২১ চনত এই গ্ৰন্থখন প্ৰকাশ হৈছিল তেখেতৰ এই গল্প সংকলনখন। গ্ৰন্থখনৰ প্ৰকাশক আছিল বান্ধৱ প্ৰকাশন। এইখন গ্ৰন্থই ২০২২ বৰ্ষত অসম প্ৰকাশন পৰিষদৰ বঁটাও লাভ কৰিছিল। তেখেতৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহ - সেয়েহে কৈলাশনাথ, একুৰ বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প,বিহুৱতী চৰাই আৰু অন্য গল্প, আদি।

আনহাতে, পৰমেশ্বৰ আছে নাই, চৰ্যাগীত আৰু বৌদ্ধ তন্ত্ৰ, ধৰ্মৰ প্ৰাণতত্ত্ব, Nilachal Kamakhya: Her History and Tantra, Scientific Evidence for Vedic Astrology, ৰত্নজ্যোতিষ আৰু বিজ্ঞান, Century old Castes, Tribes and Guild, জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী, ৰূপোপজীৱিনী বনাম দেহোপজীৱিনী (প্ৰাপ্তবয়স্কৰ যৌনজ্ঞান গ্ৰন্থ) আদি তেওঁৰ প্ৰৱন্ধ পুথি।

১৯৩৯ চনৰ ২১ জুলাইত প্ৰণৱ জ্যোতি ডেকাৰ জন্ম হৈছিল কলকাতাত।তেওঁৰ পিতৃ আছিল প্ৰথমজন অসমীয়া বিচাৰক হলিৰাম ডেকা। গুৱাহাটীৰ ড'নবস্কৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল তেওঁ ১৯৫৫ চনত। কটন কলেজ আৰু বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি অৰ্থনৈতিক ভূ-তত্ব বিষয়ত লেনিনগ্ৰাড খনি বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ডেকাই।

সাহিত্য অকাডেমীয়ে আন বঁটা সমূহৰ সৱিশেষ বুধবাৰে ৩ বজাত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব।

ড০ প্ৰণৱ জ্যোতি ডেকালৈ ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা...
প্ৰণৱ জ্যোতি ডেকালৈ সাহিত্য অকাডেমী!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in