ৰাষ্ট্ৰীয়

হেলমেট পিন্ধিহে বাইকত উঠিল কুকুৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় আখ্যানসমূহত কুকুৰক প্ৰভু ভক্ত আখ্যা দিয়া হয়। পূৰ্বৰ পৰাই কুকুৰৰ গুণক লৈ ৰচিত হয় কাহিনী অথবা চিনেমা। কুকুৰ আছে বিশেষ ভূমিকা।

দুচকীয়া বাহনত যাত্ৰা কৰোতে চালক আৰু আৰোহী দুয়োগৰাকীয়ে হেলমেট পৰিধান কৰাটো জৰুৰী। হেলমেট অবিহনে যাত্ৰা কৰাটো আইন বিৰুদ্ধ। একাংশ বাহন চালক তথা আৰোহীয়ে যান- বাহন আইন উলংঘা কৰি হেলমেট অবিহনে যাত্ৰা কৰে। তেনে একাংশ লোকক উচিত শিক্ষা দিলে এটি কুকুৰে।

তানিলনাডুৰ ৰাজপথৰ এটি দৃশ্যই সকলোকে আকৰ্ষিত কৰি তুলিছে। সামাজিক মাধ্যমৰ এটি ভিডিঅ'য়ে আচৰিত কৰিছে একাংশক। ভিডিঅ'টিত দেখা পোৱা অনুসৰি এগৰাকী চালকে নিজে হেলমেট পৰিধান কৰাৰ উপৰিও আৰোহীৰূপে যোৱা এটি কুকুৰকো পিন্ধাই দিছে হেলমেট।

কুকুৰটিয়েও বাইক চালকৰ কোনো অসুবিধা নোহোৱাকৈ যাত্ৰাত সহযোগ কৰিছে। চালক আৰু আৰোহী কুকুৰটিৰ দৃশ্য দেখিলে এনে অনুভৱ হ'ব যেন কুকুৰ নহয় মানুহে যাত্ৰা কৰিছে।

সাইলাখ মানুহৰ আচৰণৰ দৰে কুকুৰটিয়ে চালকগৰাকীৰ লগত যাত্ৰা কৰিছে। সামাজিক মাধ্যমত বিয়পি পৰা এই ভিডিঅ'টিৰ শিৰোনামত উল্লেখ কৰিছে যে, "নিয়ম নিয়মে"। ইয়াৰ দ্বাৰা বুজাব বিচৰা হৈছে যে নিয়ম সকলোৰে বাবে সমান।