ৰাষ্ট্ৰীয়

হিমাচলত পথ দুৰ্ঘটনা : নিহত ৬জন

Asomiya Pratidin

ডিজিটেল ডেস্ক : হিমাচল প্ৰদেশৰ ছিমলা জিলাৰ কৰাৰঘাটত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাহন এখন দ খাৱৈত বাগৰি পৰাৰ ফলত ৬জন লোক নিহত হয়। তাৰোপৰি মুঠ ১২গৰাকী যাত্ৰী থকা বাহনখনত বাকী ৬গৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

উল্লেখ্য যে, এটা কেঁকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন দ খাৱৈত পৰিছিল বুলি জানিব পৰা গৈছে। ইফালে আহত ৬যাত্ৰীক ততালিকে ওচৰৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।