ৰাষ্ট্ৰীয়

হাৰিয়ানাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৬টা শিশু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱা হাৰিয়ানাৰ নৰনাউলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। জি এল পাব্লিক স্কুলৰ এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ৬টা শিশুৰ মৃত্যু হোৱাৰ লগতে ২০জনকৈও অধিক আহত হয়। বাছখনত মুঠ ৩৫ৰ পৰা ৪০ টা শিশু আছিল।

জিলা প্ৰশাসনৰ তথ্য অনুসৰি আহত ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হযৈছে। সংকটজনক অৱস্থাত আন দুজনক ৰোহটক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হৈছে। উল্লেখযোগ্য যে আজি স্থানীয় বন্ধৰ দিনাও বিদ্যালয় খোলা ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষই।

মদ্যপান কৰি চলোৱা চালকজনে বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰাৰ ফলত সংঘটিত হয় দুৰ্ছটনাটো। উল্লেখযোগ্য যে বাছখনৰ ফিটনেছ চাৰ্টিফিকেটৰ ম্যাদ ৬বছৰ পূৰ্বে ২০১৮ চনত শেষ হৈছিল।