ৰাষ্ট্ৰীয়

নাইনিতালত দ' খাৱৈত পৰিল যাত্ৰীবাহী বাহনঃ নিহত ৮জন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ নাইনিতালত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। ২০০ মিটাৰ দ' খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী এখন বাহন। দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৮ জনলোক।

উল্লেখযোগ্য যে বাহনখনত মুঠ ১১ জন লোক আছিল। বৈতালঘাটৰ পৰা নাইনিতাল জিলাৰ মালগাওঁ অভিমুখী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত হৈ আহত কেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ২ঘন্টা অভিযানৰ পিছত এছ ডি আৰ এফ বাহিনীৰ দলটোয়ে খাৱৈৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰে ।