ৰাষ্ট্ৰীয়

গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ১০জন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি গুজৰাটৰ নদিয়াদত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী মাৰুতি চুজুকি এৰটিগা আৰু ট্ৰেইলাৰৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। বুধবাৰে আহমেদাবাদ-বদোদৰা এক্সপ্ৰেছৱেত সংঘটিত হয় এই ঘটনা।

দুৰ্ঘটনাটোত মাৰুতি চুজুকি এৰটিগাখনৰ আটাইকেইজন লোক নিহত হয়। থিতাতে ৮জন লোক নিহত হোৱাৰ পৰিৱৰ্তে ২জন লোক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। মহাৰাষ্ট্ৰৰ পঞ্জীয়নভুক্ত ট্ৰাকখন এক্সপ্ৰেছৱেত ৰখাই থোৱাৰ সংময়তে বদোদৰাৰ পৰা আহমেদাবাদলৈ গৈ থকাৰ পথত পিছফালৰ পৰা মাৰুতি চুজুকি এৰটিগা গাড়ীখনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।