ৰাষ্ট্ৰীয়

গণৰাজ্য দিৱস : দিল্লীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা, য'তে ত'তে পেলাব নোৱাৰিব ত্ৰিৰংগা

Asomiya Pratidin

ডিজিটেল ডেস্ক : গণৰাজ্য দিৱস উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। যিকোনো ধৰণৰ সম্ভাব্য কূটাঘাতমূলক কাৰ্য প্ৰতিহত কৰাৰ উদ্দেশ্যে ৰাজধানী মহানগৰখনৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।

দিল্লীৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাৰ বাবে ৮হাজাৰ আৰক্ষী নিয়োগ কৰা হৈছে। জানিব পৰামতে শনিবাৰৰ পৰা ২৬জানুৱাৰীপৰ্যন্ত সকলোধৰণৰ বিমান উৰণৰ আৰু অৱতৰণ দৈনিক প্ৰায় দুঘণ্টাকৈ বন্ধ ৰখা হৈছে।

পুৱা ১০-২০ বজাৰ পৰা ১২-৪৫ বজালৈ বিমান উৰণ আৰু অৱতৰণৰ নিষেধাজ্ঞা জাৰি কৰা বুলি বিমান বন্দৰ প্ৰাধিকৰণৰ ফালৰ পৰা প্ৰকাশিত জাননীত উল্লেখ কৰিছে। অৱশ্যে এইক্ষেত্ৰত সমস্যাই দেখা দিয়া বুলি এক সূত্ৰত প্ৰকাশ।

ইফালে ৰে'লসমূহত চি আই এছ এফ বাহিনীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। এইক্ষেত্ৰত যাত্ৰীসকলকো সহযোগ কৰিবলৈ আহ্বান জনাইছে।

আনহাতে গৃহ মন্ত্ৰালয়ে দিয়া এক কঠোৰ নিৰ্দেশনাত ত্ৰিৰংগা বা ত্ৰিৰংগাৰ ছবি থকা কোনো সামগ্ৰী যাতে য'তে ত'তে পেলোৱা নহয় সেইটো নিশ্চিত কৰিবলৈ কোৱা হৈছে। এই নিৰ্দেশনা অমান্য কৰিলে ব্যক্তি বা সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সতৰ্ক কৰি দিয়া হৈছে।