কৰ্তব্যৰত অৱস্থাত ৰীল বনাই ছ'চিয়েল মিডিয়াত আপলোড, নিলম্বন মহিলা আৰক্ষী বিষয়া

ৰীল বনাই বিপদত পৰিল এগৰাকী মহিলা আৰক্ষীকৰ্মী। আৰক্ষীৰ পোছাকত বনোৱা ভিডিঅ' জ্যেষ্ঠ আৰক্ষীৰ চকুত পৰা লগে লগে ল'লে এক্সন

author-image
Asomiya Pratidin
New Update
কৰ্তব্যৰত অৱস্থাত ৰীল বনাই ছ'চিয়েল মিডিয়াত আপলোড, নিলম্বন মহিলা আৰক্ষী বিষয়া

ডিজিটেল ডেস্কঃ ৰীল বনাই বিপদত পৰিল এগৰাকী মহিলা আৰক্ষীকৰ্মী। আৰক্ষীৰ পোছাকত বনোৱা ভিডিঅ' জ্যেষ্ঠ আৰক্ষীৰ চকুত পৰা লগে লগে ল'লে এক্সন। আৰক্ষী অধীক্ষকে মহিলা আৰক্ষী বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে। এই ঘটনা উত্তৰ প্ৰদেশক কাছগঞ্জৰ বুলি জানিব পৰা গৈছে।

Advertisment

মহিলা আৰক্ষী বিষয়াগৰাকীৰ নাম আৰতী ছোলংকী বুলি জানিব পৰা গৈছে।আৰতীয়ে আৰক্ষীৰ পোছাকত ৰীল বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল। ভাইৰেল হৈ পৰিছিল ভিডিঅ'টো।

অভিযোগ অনুসৰি আৰতীয়ে কৰ্তব্যৰ সময়ত ৰীল বনাইছিল। ইয়াক লৈ ইতিমধ্যেই কাঢ়া নিৰ্দেশ দিয়া হৈছিল।যাৰ বাবে আৰক্ষী অধীক্ষকে নিলম্বন কৰে আৰতীক।

এয়াই প্ৰথম নহয়, কৰ্তব্যৰ সময়ত ৰীল বনাই ইয়াৰ পূৰ্বেও বহু চৰকাৰী কৰ্মচাৰী সমস্যাৰ সন্মুখীন হৈ আহিছে। কিছুদিন পূৰ্বে প্ৰিয়ংকা মিশ্ৰা নামৰ এগৰাকী আৰক্ষী বিষয়াই চাকৰিৰ পৰাও বৰ্খাস্ত হৈছিল।

Also Read: মানৱ সৰবৰাহৰ বিৰুদ্ধে দেশৰ ১০ খন ৰাজ্যত NIA ৰ অভিযান

uttar pradesh