ৰাষ্ট্ৰীয়

আন্তৰ্জাতিক নাৰী দিৱসত মহিলালৈ উপহাৰ! হ্ৰাস ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি সমগ্ৰ বিশ্বই পালন কৰিছে আন্তৰ্জাতিক নাৰী দিৱস। এই দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ মহিলাসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়াইছে এই বিশেষ উপহাৰ।

প্ৰতিটো ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লয় চৰকাৰ। ছচিয়েল মিডিয়া এক্সৰ জৰিয়তে মোডীয়ে জনাই এই কথা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ''আজি মহিলা দিৱসত আমাৰ চৰকাৰে এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ বিত্তীয় বোজা যথেষ্ট হ্ৰাস পাব, বিশেষকৈ আমাৰ নাৰী শক্তি উপকৃত হ'ব। ৰন্ধন গেছ অধিক সুলভ কৰি, আমি পৰিয়ালবোৰৰ কল্যাণত সহায় কৰা আৰু এক স্বাস্থ্যকৰ পৰিৱেশ নিশ্চিত কৰাৰ লক্ষ্য ৰাখিছো''।

উল্লেখ্য যে,প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন উন্নত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে লিংগ সমতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়।বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদ্‌যাপনৰ মুখ্য বিষয়।