ৰাষ্ট্ৰীয়

আৰক্ষীৰ জেৰাত আত্মহত্যাৰ অপচেষ্টা ধৰ্ষণ অভিযুক্তৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে হত্যা, ধৰ্ষণকে আদি কৰি অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে ধৰ্ষণৰ অভিযুক্ত পান্না লালে আত্মহত্যাৰ অপচেষ্টা কৰে। উত্তৰ প্ৰদেশৰ উগহাটী আৰক্ষী থানাত সংঘটিত হৈছে এই ঘটনা।

বুধবাৰে আৰক্ষীয়ে জনাই যে, অভিযুক্ত পান্না লালে জেৰাৰ সময়তে বাথৰুমত আত্মহত্যাৰ চেষ্টা চলায়। মঙলবাৰে নিশা যুৱকজনক জেৰা চলাই আছিল আৰক্ষী। পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

যুৱকজনৰ পৰিয়ালে অভিযোগ উত্থাপন কৰা অনুসৰি তেওঁক জেৰাৰ সয়ত শ্বাসৰুদ্ধ কৰি ৰখা হৈছিল। পান্না লালৰ পৰিয়ালে লগতে কয় য, ১০,০০০ টকা আৰক্ষীক ঘোচ নিদিয়াৰ বাবে এনে কাম কৰে আৰক্ষীয়ে।

অৱশ্যে আৰক্ষীয়ে পান্না লালৰ পৰিয়ালৰ অভিযোগ মিছা বুলি কৈছে।বৰ্তমান পান্না লালৰ অৱস্থা সংকটমুক্ত।