ৰাষ্ট্ৰীয়

ভূ-স্বৰ্গত ধাৰাষাৰ বৰষুণঃ বানপানীত উটিল এগৰাকী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ধুমুহা আৰু শিলাবৃষ্টিয়ে তচনচ কৰিলে জম্মু-কাশ্মীৰৰ উধামপুৰৰ লগতে বিভিন্ন অঞ্চল। বুধবাৰে ৰাজ্যখনৰ কেতবোৰ স্থানত ধাৰাষাৰ বৰষুণৰ লগতে বজ্ৰপাত হয়।

ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে এটি অঞ্চলৰ দুগৰাকী মহিলাক উতুৱাই লৈ যায়। অৱশ্যে এগৰাকী মহিলাক উদ্ধাৰ কৰা হৈছে।

আনহাতে আৰক্ষী- প্ৰশাসনে আনগৰাকী মহিলাৰ সন্ধান চলাই থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২৫ মে'লৈকে ৰাজ্যখনত বৰষুণৰ সম্ভৱনা থকা বুলি উল্লেখ কৰিছে।