ৰাষ্ট্ৰীয়

ভাৰতক অপমান ৰাহুল গান্ধীৰ! খুজিব লাগে ক্ষমা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৪ মাৰ্চত লণ্ডনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰতৰ গণতন্ত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ কৈছল যে, ভাৰতত এতিয়া গণতান্ত্ৰিক ব্যৱস্থা শেষ হোৱাৰ পথত।

কেৱল ইমানেই গান্ধীয়ে কৈছিল , ইউৰোপ-আমেৰিকা আদি গণতন্ত্ৰৰ চেম্পিয়ন হৈ গৈ আছে কিন্তু ভাৰতত গণতন্ত্ৰ শেষ হোৱাৰ উপক্ৰম। তাৰ পাছতো মনে মনে বহি আছে সকলো।

ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই বিভিন্ন মহলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে লোকসভাত ৰাহুল গান্ধীৰ এই মন্তব্যৰ বিৰোধিতা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে।

তেওঁ কয় যে, ৰাহুল গান্ধীয়ে ভাৰতক অপমান কৰিছে। তেওঁৰ মন্তব্যক সদনৰ প্ৰতিগৰাকী সদস্যই নিন্দা কৰা উচিত। ইয়াৰোপৰি ৰাহুল গান্ধীয়ে সদমৰ মজিয়াত ক্ষমা খোজাৰ দাবী কৰে সিঙে। তাৰ পাছতেই উত্তাল হৈ পৰা সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰখা হয় ।

ইয়াৰ পূৰ্বে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি কৈছিল যে, "কিছুমান লোকে লণ্ডনত ভাৰতৰ গণতন্ত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। এয়া ভাৰতৰ মহান পৰম্পৰাৰ অপমান''।