৪ লাখ টকাৰ ঘোচ ! গ্ৰেপ্তাৰ আপৰ বিধায়ক...
৪ লাখ টকাৰ ঘোচ ! গ্ৰেপ্তাৰ আপৰ বিধায়ক... 
ৰাষ্ট্ৰীয়

৪ লাখ টকাৰ ঘোচ ! গ্ৰেপ্তাৰ আপৰ বিধায়ক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ঘোচ লৈ গ্ৰেপ্তাৰ হ'ল আপৰ বিধায়ক। পঞ্জাৱৰ বাথিন্দা গ্ৰাম্য সমষ্টিৰ আপৰ বিধায়ক অমিচ ৰতন কোটফাট্টাক ভিজিলেন্স ব্যুৰোৱে ঘোচ লোৱাৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। বৃহস্পতিবাৰে এজন শীৰ্ষ বিষয়াই এই সন্দৰ্ভত তথ্য ফাদিল কৰিছে।

উল্লেখ্য যে মাত্ৰ কেইটামান দিনৰ পূৰ্বে ভিজিলেন্স বিধায়ক অমিত ৰতনৰ সহযোগী ৰছিদ গাৰ্গকো গ্ৰেপ্তাৰ কৰিছিল। দৰাচলতে বিগত সপ্তাহতে ৰছিদ গাৰ্গক এজন ব্যক্তিৰ পৰা ৪ লাখ টকা ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

অভিযোগ অনুসৰি ৰছিদ গাৰ্গ আপৰ বিধায়ক অমিত ৰতনৰ পি এ। ৰছিদ গাৰ্গে ২৫ লাখ টকাৰ চৰকাৰী অনুদান মুকলিৰ কৰাৰ বিনিময়ত ৫ লাখ টকাৰ ঘোচ দাবী কৰিছিল।

এই ৫ লাখ টকাৰ প্ৰথম কিস্তি ৪ লাখ টকা লোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সেই গোচৰতেই বুধবাৰে সন্ধিয়াৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছে আপৰ বিধাকগৰাকীক।

আজি তেওঁক ভিজিলেন্সে নিজৰ জিম্মাত ল'বলৈ আদালতত হাজিৰ কৰিব। অৱশ্যে বিধায়ক অমিত ৰতনে ৰছিদ গাৰ্গৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে। তেওঁৰ অভিযোগ, বিৰোধী দলে পঞ্জাৱৰ আপ চৰকাৰক বদনাম কৰিবলৈ অপচেষ্টা চলাইছে।