pune
pune 
ৰাষ্ট্ৰীয়

পুনেত ভয়ংকৰ পথ দুৰ্ঘটনা, ৩০ খনকৈ বাহন ক্ষতিগ্ৰস্ত...

Asomiya Pratidin

ডিজিটেল ডেস্ক : দেওবাৰে পুনেত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰায় ৩০ খন বাহন ক্ষতিগ্ৰস্ত হয়। বাতৰি অনুসৰি, নাভালে ব্ৰীজ অঞ্চলৰ বাংগালোৰু-মুম্বাই ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয়। এখন ট্ৰাকৰ সৈতে এখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় লগতে তীব্ৰবেগী বাহনখনৰ বাহিৰেও দুৰ্ঘটনাত পতিত হয় আন কেইবাখনো বাহন।

উল্লেখ্য যে ৩০ খন বাহন দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইফালে ঘটনাস্থলীত আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনৰ পৰা যাত্ৰীসকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইয়াৰ লগতে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।